‘মাতৃভূমি’ৰ কলাকুশলীক ছলমান খানৰ বিশেষ উপহাৰ, ২ৰ পৰা ৬ লাখ টকীয়া ছুইছ ঘড়ী প্ৰদান

আন্তঃৰাষ্ট্ৰীয় • বলীউড • ২০ নৱেম্বৰ ২০২৬
বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে পুনৰ এবাৰ নিজৰ উদাৰতাৰ পৰিচয় দাঙি ধৰিছে।
নিজৰ আগন্তুক ছবি ‘মাতৃভূমি: মে ৱাৰ ৰেষ্ট ইন পীচ’ (Maatrubhumi: May War Rest in Peace)-ৰ সৈতে জড়িত কলাকুশলীসকলক বিশেষ উপহাৰ দি চমকিত কৰিছে অভিনেতাগৰাকীয়ে। ছবিখনৰ নিৰ্মাণত জড়িত প্ৰায় ২০ৰ পৰা ২৫গৰাকী সদস্যক তেওঁ উপহাৰ হিচাপে প্ৰদান কৰিছে দামী ছুইছ ঘড়ী।
জানিব পৰা মতে, যোৱা ১২ নৱেম্বৰত মহাৰাষ্ট্ৰৰ পানভেলস্থিত নিজৰ ফাৰ্মহাউছত এক ঘৰুৱা অনুষ্ঠানৰ আয়োজন কৰিছিল ছলমান খানে। প্ৰথমে ছবিখনৰ প্ৰচাৰৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিবলৈ কলাকুশলীসকলক আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পাছত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল এক বিশেষ চমক।
ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যৰ কঠোৰ পৰিশ্ৰম আৰু অৱদানৰ স্বীকৃতি হিচাপে ছলমানে নিজ হাতেৰে সকলোকে উপহাৰ প্ৰদান কৰে। জানিব পৰা মতে, প্ৰতিটো ঘড়ীৰ মূল্য প্ৰায় ২ লাখৰ পৰা ৬ লাখ টকাৰ ভিতৰত। পুৰুষ কলাকুশলীসকলক ‘লংজিন’ (Longines) ব্ৰেণ্ডৰ ঘড়ী আৰু মহিলা সদস্যসকলক ‘ৰাডো’ (Rado) ব্ৰেণ্ডৰ ঘড়ী উপহাৰ দিয়ে অভিনেতাগৰাকীয়ে। অনুষ্ঠানটোৰ এখন ফটোও ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, ছবিখনৰ এক বিশেষ ঝলক (টিজাৰ) মুকলি হোৱাৰ দুদিন পাছতেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যেই ছলমানে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
ইফালে, ছবিখনৰ মুক্তি পলম হোৱা সন্দৰ্ভতো মন্তব্য কৰিছে অভিনেতাগৰাকীয়ে। তেওঁৰ মতে, ছবিখনৰ পোষ্ট-প্ৰডাকচনৰ কিছু কাম আৰু অভিনেত্ৰী চিত্ৰাংগদা সিঙৰ আঘাতৰ বাবে নিৰ্মাণকাৰ্যত অধিক সময়ৰ প্ৰয়োজন হৈছিল। তাড়াহুড়া কৰি ছবি মুক্তি দিয়াৰ পৰিৱৰ্তে দৃশ্যসমূহৰ গুণগত মান অক্ষুণ্ণ ৰখাতহে গুৰুত্ব দিছে নিৰ্মাতাসকলে।
ছলমান খানে লগতে জানিবলৈ দিয়ে যে ছবিখনে কোনো দৃশ্য কৰ্তন নকৰাকৈয়ে চেন্সৰ ব’ৰ্ডৰ অনুমোদন লাভ কৰিছে। সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ছবিখন দৰ্শকৰ মাজলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাইছে নিৰ্মাতাসকলে।
News Desk, People’s TV

