ASSAM

নিজৰ সৈতে যুঁজি আছে “ৰাজা”

raja-baby-elephant-calf-recovery-vantara-assam

ৰাজ্যিক • ২০ নৱেম্বৰ ২০২৬

মাতৃৰ পৰা বিচ্ছিন্ন হৈ জীৱন-মৃত্যুৰে যুঁজ ৰাজাৰ!

মাতৃৰ আক্ৰমণৰ বলি হৈ গুৰুতৰ আঘাতপ্ৰাপ্ত হাতী পোৱালিটোৰ চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ দায়িত্বত Vantara

জীৱনৰ প্ৰথম দিনৰ পৰাই যেন এক কঠিন সংগ্ৰামৰ সন্মুখীন হৈছে ৰাজা নামৰ এটি হাতীৰ পোৱালি। মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱাৰ লগতে গুৰুতৰ শাৰীৰিক আঘাত আৰু একাধিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা পোৱালিটোৰ সুস্থতাৰ বাবে অব্যাহত আছে চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ প্ৰচেষ্টা। অসমৰ লখিমপুৰ জিলাৰ গোগামুখত জন্মগ্ৰহণ কৰা ৰাজাৰ চিকিৎসাৰ দায়িত্বত আগবাঢ়ি আহিছে Vantara-ৰ পশু চিকিৎসকৰ এটা বিশেষজ্ঞ দল।

২০২৬ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল ৰাজাই। কিন্তু জন্মৰ কিছু সময়ৰ পাছতেই মাতৃ লক্ষীমতীয়ে পোৱালিটোক প্ৰত্যাখ্যান কৰে। ফলত জন্মৰ পাছত নৱজাতক হাতীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথম গাখীৰ অৰ্থাৎ ক’লষ্ট্ৰাম (Colostrum) গ্ৰহণ কৰাৰ পৰাও বঞ্চিত হয় ৰাজা। এই প্ৰথম গাখীৰত থকা প্ৰয়োজনীয় পুষ্টি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী উপাদান নোপোৱাৰ ফলত পোৱালিটোৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰে।

ইয়াৰ মাজতে ৰাজাৰ সোঁফালৰ পিছ ঠেংৰ উৰুৰ হাড়ত (Femur) ভাঙোন ধৰা পৰে। ইয়াৰ ফলত পোৱালিটোৰ থিয় হোৱা আৰু স্বাভাৱিকভাৱে চলাচল কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ উপৰি তীব্ৰ দুৰ্বলতা, ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস পোৱা (Hypoglycemia) আৰু গুৰুতৰ ডায়েৰিয়াৰ দৰে সমস্যাই ৰাজাৰ শাৰীৰিক অৱস্থা অধিক সংকটজনক কৰি তোলে।

পোৱালিটোৰ এনে অৱস্থাৰ বিষয়ে জৰুৰী খবৰ লাভ কৰাৰ পাছতে Vantara-ৰ পশু চিকিৎসকৰ এটা দলে লখিমপুৰত উপস্থিত হৈ ৰাজাৰ স্বাস্থ্য পৰীক্ষা কৰে। চিকিৎসকসকলে এক্স-ৰেৰ জৰিয়তে হাড়ৰ আঘাতৰ অৱস্থা নিৰীক্ষণ কৰাৰ লগতে আৰম্ভ কৰে বিশেষ চিকিৎসা প্ৰক্ৰিয়া। পোৱালিটোৰ বয়স, শাৰীৰিক অৱস্থা আৰু আঘাতৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে বিশেষ খাদ্যাভ্যাস, ঔষধ আৰু নিয়মীয়া স্বাস্থ্য পৰ্যবেক্ষণৰ ব্যৱস্থা।

এমাহতকৈ অধিক সময় ধৰি অব্যাহত আছে চিকিৎসা

নৱেম্বৰৰ মাজভাগলৈকে এমাহতকৈ অধিক সময় চিকিৎসা লাভ কৰাৰ পাছতো পোৱালিটোৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও স্পৰ্শকাতৰ হৈ আছে। হাড়ৰ আঘাতৰ বাবে এতিয়াও নিজাববীয়াকৈ থিয় হোৱা আৰু দীৰ্ঘসময় থিয় হৈ থকাত অসুবিধাৰ সন্মুখীন হৈছে ৰাজা। ফলত চিকিৎসক আৰু তত্ত্বাৱধায়কসকলে বিশেষ স্লিং (Sling) ব্যৱস্থাৰ সহায়ত পোৱালিটোক শাৰীৰিকভাৱে সমৰ্থন আগবঢ়াই আহিছে।

দীৰ্ঘসময় একেটা অৱস্থাত পৰি বা থিয় হৈ থকাৰ ফলত শৰীৰৰ বিভিন্ন অংশত চাপ পৰি ঘাঁ (Pressure Sores) সৃষ্টি হোৱাৰ আশংকাও দেখা দিছে। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসক আৰু তত্ত্বাৱধায়কসকলে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

২,০০০ লিটাৰৰ পানীৰ টেংকত হাইড্ৰ’থেৰাপীৰ ব্যৱস্থা

ৰাজাৰ চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ কৰা হৈছে হাইড্ৰ’থেৰাপী (Hydrotherapy) পদ্ধতি। ইয়াৰ বাবে প্ৰায় ২,০০০ লিটাৰ পানী ধাৰণ কৰিব পৰা এটা অস্থায়ী পানীৰ টেংকৰ ব্যৱস্থা কৰা হৈছে। পানীৰ সহায়ত শৰীৰৰ ওজনজনিত চাপ কিছু পৰিমাণে হ্ৰাস কৰি আঘাতপ্ৰাপ্ত ঠেং আৰু গাঁঠিৰ ওপৰত পৰা হেঁচা কমোৱাৰ চেষ্টা কৰা হৈছে।

বিশেষকৈ , দীৰ্ঘসময় শাৰীৰিকভাৱে নিষ্ক্ৰিয় হৈ থকাৰ ফলত সৃষ্টি হোৱা চাপজনিত ঘাঁৰ সমস্যা নিয়ন্ত্ৰণ আৰু আৰোগ্য প্ৰক্ৰিয়াত সহায় কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসকৰ তত্ত্বাৱধানত পৰিস্থিতি অনুসৰি এই বিশেষ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হৈছে।

প্ৰতিকূল বতৰতো অব্যাহত বিশেষ যত্ন

ইফালে, লখিমপুৰত বৰষুণ আৰু ক্ৰমাৎ হ্ৰাস পোৱা উষ্ণতাই ৰাজাৰ চিকিৎসা প্ৰক্ৰিয়াত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। নৱজাতক আৰু দুৰ্বল হাতীৰ পোৱালিৰ বাবে শৰীৰৰ উপযুক্ত উষ্ণতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ঠাণ্ডাৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ হিটিং পেড (Heating Pad) আৰু জুইশলাৰ ব্যৱস্থাও কৰা হৈছে।

বিদ্যুৎ যোগানৰ সমস্যাৰ সময়তো পোৱালিটোৰ শৰীৰৰ উষ্ণতা বজাই ৰখাৰ ক্ষেত্ৰত যাতে কোনো ব্যাঘাত নজন্মে, তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একে সময়তে সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। নিয়মীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিৰ্ধাৰিত খাদ্য যোগান আৰু সময়মতে ঔষধ প্ৰদানৰ জৰিয়তে ৰাজাৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।

জন্মৰ পাছৰে পৰা মাতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত ৰাজাৰ বাবে প্ৰতিটো দিনেই হৈ পৰিছে এক নতুন প্ৰত্যাহ্বান। হাড়ৰ ভাঙোন, শাৰীৰিক দুৰ্বলতা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা পোৱালিটোৰ আৰোগ্যৰ বাবে Vantara-ৰ চিকিৎসক আৰু তত্ত্বাৱধায়কসকলে অব্যাহত ৰাখিছে নিৰন্তৰ প্ৰচেষ্টা।

বৰ্তমানেও ৰাজাৰ অৱস্থা স্পৰ্শকাতৰ হৈ থকাৰ বাবে সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ আৰু সময়ৰ প্ৰয়োজন। চিকিৎসা, বিশেষ পুষ্টি আৰু নিৰন্তৰ যত্নৰ মাজেৰে পুনৰ স্বাভাৱিকভাৱে থিয় হ’ব পৰা আৰু সুস্থ জীৱনলৈ উভতি অহাৰ আশাৰে আগবাঢ়িছে সৰু হাতী পোৱালিটোৰ যুঁজ।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button