ASSAM

উজনি অসমৰ বানত প্ৰাণ হেৰুওৱা পৰিয়ালৰ সন্তানলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য

ৰাজ্যিক • ৭ নৱেম্বৰ • ২০২৬

financial-assistance-flood-victims-students-upper-assam

পাঁচ বছৰৰ বাবে ফিক্সড ডিপ’জিটৰ জৰিয়তে প্ৰদান কৰা হ’ল এককালীন সাহায্য; শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্য

উজনি অসমৰ প্ৰলয়ংকাৰী বানত পৰিয়ালৰ আপোনজনক হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে এক বিশেষ আৰ্থিক সাহায্যৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত বানত মৃত্যুক সাবটি লোৱা পৰিয়ালসমূহৰ ছাত্ৰ-ছাত্ৰীলৈ ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

পাঁচ বছৰৰ বাবে ফিক্সড ডিপ’জিটৰ জৰিয়তে এই সাহায্য প্ৰদান কৰা হৈছে। বানৰ বিভীষিকাত পৰিয়ালৰ সদস্যক হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে আৰ্থিক বাধাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ।

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা অধিবিদ্যা পৰিষদ, মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা তথা উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ সহযোগত এই সাহায্য প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শনিবাৰে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত হয় এই সাহায্য প্ৰদান অনুষ্ঠান। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী আৰু শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক সমীৰণ বৰা উপস্থিত থাকে।

উল্লেখ্য যে, প্ৰাকৃতিক দুৰ্যোগৰ ফলত পৰিয়ালৰ আপোনজনক হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা অব্যাহত ৰখাটো বহু সময়ত এক প্ৰত্যাহ্বান হৈ পৰে। এনে পৰিস্থিতিত পাঁচ বছৰৰ বাবে ৫০ হাজাৰ টকাৰ ফিক্সড ডিপ’জিটৰ জৰিয়তে প্ৰদান কৰা এই সাহায্যই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

কেৱল আৰ্থিক সাহায্য প্ৰদানেই নহয়, বানপীড়িত পৰিয়ালৰ সন্তানসকলৰ ভৱিষ্যতৰ প্ৰতি সমাজ আৰু শিক্ষানুষ্ঠানসমূহৰ দায়বদ্ধতাৰ এক ইতিবাচক নিদৰ্শন হিচাপেও এই পদক্ষেপ বিবেচিত হৈছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button