ASSAM

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত ১০জনৰো অধিক লোকৰ মৃত্যু

ৰাজ্যিক •কাজিৰঙা • ১৩ নৱেম্বৰ • ২০২৬

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক-ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত ১০জনৰো অধিক লোকৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় কেবিনেট মন্ত্ৰী অতুল বৰা।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ পঞ্জীয়ন নম্বৰ AS 02 AC 6690 আৰু ট্ৰাকখনৰ নম্বৰ KA 01 AT 0977 বুলি জানিব পৰা গৈছে।

কাজিৰঙাৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ১০জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিক খবৰ পোৱা গৈছে। এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনত মহাবিদ্যালয়ৰ ছাত্ৰীকে ধৰি ৩৫জনতকৈয়ো অধিক লোক আছিল। ট্ৰাকখনৰ সৈতে হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। সংঘৰ্ষৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলক উদ্ধাৰ কৰি কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱাৰ লগতে আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ইফালে, ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় কেবিনেট মন্ত্ৰী অতুল বৰা। তেওঁ ঘটনাৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু চিকিৎসা সম্পৰ্কীয় ব্যৱস্থাৰো বুজ লয়।

এই মুহূৰ্তলৈকে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে সবিশেষ জানিব পৰা হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।

News Desk, People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button