ASSAM

আজি গহপুৰ ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়

ৰাজ্যিক • গহপুৰ • ১৩ নৱেম্বৰ • ২০২৬

GOHPUR-CM-MA-KALYANI-TEMPLE-VISIT

গহপুৰত মা কল্যাণীৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই, কনকলতা বিশ্ববিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে।

গহপুৰত উপস্থিত হৈ মা কল্যাণীৰ আশিস ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি গহপুৰ ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

ইয়াৰ পিছতে বৰঙাবাৰীৰ ডিপৰাস্থিত শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়ত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মন্দিৰৰ পুখুৰীত এযোৰ হাঁহ মেলি দিয়াৰ লগতে এযোৰ পাৰ চৰাই উৰুৱাই দিয়ে।

পূজা-অৰ্চনাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমত SIR (Special Intensive Revision) সন্দৰ্ভত আছুৰ দাবীক সমৰ্থন জনাই মুখ্যমন্ত্ৰীয়ে কয় যে আছুৱে SIR বিচাৰিছে আৰু চৰকাৰেও বিচাৰিছে। বাংলাদেশী নাগৰিকক বিতাড়নৰ দাবীত আছুৱে কৰা প্ৰতিবাদকো তেওঁ সমৰ্থন জনায়।

আনহাতে, শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদত স্থানীয় লোকক নিযুক্তি দিয়াৰ বিষয়টোও চৰকাৰে চিন্তা-চৰ্চা কৰি থকা বুলি জানিবলৈ দিয়ে।

ইফালে, অইলৰ খাদত সংঘটিত বিস্ফোৰণত ছয়জন লোকৰ মৃত্যু হোৱা ঘটনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অইল ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা বুলি উল্লেখ কৰি বিষয়টো সন্দৰ্ভত আলোচনা চলি থকা বুলি জানিবলৈ দিয়ে। কোনো কোম্পানী ব্লেকলিষ্টেড হ’লে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে তেওঁ।

ইয়াৰ উপৰি শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়খন অধিক সুন্দৰকৈ সজাই-পৰাই তুলিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

গহপুৰৰ পৰা অৰুপ ভূঞাৰ প্ৰতিবেদন।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button