ASSAM

মৰিগাঁৱত মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা সভা, বিভিন্ন উন্নয়নমূলক কাম পৰিদৰ্শন

ৰাজ্যিক •মৰিগাঁও • ১৩ নৱেম্বৰ • ২০২৬

MORIGAON-MINISTER-KAUSHIK-ROY-REVIEW-MEETING-DEVELOPMENT-WORKS

মৰিগাঁও জিলাৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’বলৈ আজি জিলাখনত উপস্থিত হয় অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সমবায় তথা নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়।

মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত মিলিত হয়। সভাত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰা হয়।

পৰৱৰ্তী, সময়ত মন্ত্ৰীগৰাকীয়ে জাগীৰোডত নিৰ্মাণাধীন ৱৰ্কিং ৱমেন হোষ্টেলৰ কাম-কাজ পৰিদৰ্শন কৰে। অহা মাৰ্চ মাহৰ ভিতৰত হোষ্টেলটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে মৰিগাঁৱত পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ অৰ্থাৎ ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান সংগ্ৰহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী কৌশিক ৰায়ে। লগতে জিলাখনৰ সমবায় সমিতিসমূহৰ কাৰ্যকলাপৰো বুজ লয়।

আনহাতে, মৰিগাঁও পৌৰসভাৰ অধীনত নিৰ্মাণাধীন কনভেনচন চেণ্টাৰৰ কাম-কাজো পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

মৰিগাঁও জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ লগতে চৰকাৰী আঁচনিসমূহৰ সুফল জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button