আজি ১৩ নৱেম্বৰ! ৬৬ বছৰৰ পূৰ্বে কি কৰিছিল ভৱিষ্যদ্বাণী? অপপ্ৰচাৰে কৰিলে কি !

আন্তঃৰাষ্ট্ৰীয় • বিজ্ঞান • ১৩ নৱেম্বৰ ২০২৬
প্ৰকৃত ভৱিষ্যতবাণী আছিল কি ?
ভিউজৰ আশাত বন্দী এতিয়া পৃথিৱী। আতংক বিয়পালে মানুহে চাবলৈ বাধ্য হয়।
আজি ১৩ নৱেম্বৰ! ৬৬ বছৰৰ পূৰ্বে কৰা ভৱিষ্যদ্বাণীৰ চৰ্চা
৬৬ বছৰ পূৰ্বে এগৰাকী পদাৰ্থবিজ্ঞানীয়ে কৰা এক গাণিতিক ভৱিষ্যদ্বাণীৰ তাৰিখ আজি। ১৯৬০ চনতে প্ৰকাশিত এক গৱেষণা পত্ৰত ২০২৬ চনৰ ১৩ নৱেম্বৰ দিনটোত পৃথিৱীৰ জনসংখ্যা অসীমৰ দিশে আগবঢ়াৰ এক কাল্পনিক পৰিস্থিতি দাঙি ধৰা হৈছিল। সেই ভৱিষ্যদ্বাণীক কেন্দ্ৰ কৰি পুনৰ চৰ্চালৈ আহিছে ‘ডুমছডে’ বা প্ৰলয়ৰ প্ৰসংগ।
১৯৬০ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰিয়ান-আমেৰিকান পদাৰ্থবিজ্ঞানী হেইঞ্জ ভন ফৰ্ষ্টাৰ আৰু তেওঁৰ সহযোগীসকলে ‘Science’ নামৰ গৱেষণা আলোচনীত প্ৰকাশ কৰিছিল ‘Doomsday: Friday, 13 November, A.D. 2026’ শীৰ্ষক এখন গৱেষণা পত্ৰ। সেই সময়ৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বিশ্লেষণ কৰি তেওঁলোকে ২০২৬ চনৰ ১৩ নৱেম্বৰ তাৰিখটোত বিশ্বৰ জনসংখ্যা গাণিতিকভাৱে অসীমৰ কাষ চাপিব বুলি এক তাত্ত্বিক আৰ্হি আগবঢ়াইছিল।
অৱশ্যে, এয়া পৃথিৱী ধ্বংসৰ কোনো বৈজ্ঞানিক ঘোষণা নাছিল। পৰৱৰ্তী সময়ত জন্মৰ হাৰ হ্ৰাস, জনসংখ্যা বৃদ্ধিৰ গতিৰ পৰিৱৰ্তন আৰু অন্যান্য জনগাঁথনিগত কাৰকৰ বাবে সেই আৰ্হিৰ বাস্তৱিক প্ৰাসংগিকতা হ্ৰাস পায়। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা সম্পৰ্কীয় প্ৰক্ষেপণ অনুসৰি, বিশ্বৰ জনসংখ্যা ২০৮০ৰ দশকৰ মাজভাগত প্ৰায় ১০.৩ বিলিয়নত শিখৰত উপনীত হোৱাৰ সম্ভাৱনা আছে।
বৰ্তমান এই বিষয়টোৰ সন্দৰ্ভত সামাজিক মাধ্যমত ভিত্তিহীনভাৱে এক অপপ্ৰচাৰ চলাইছে। যাৰ ফলত সাধাৰণ ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। ভিউজৰ আশাত বন্দী এতিয়া পৃথিৱী। আতংক বিয়পালে মানুহে চাবলৈ বাধ্য হয়। এনে ধাৰণা কণ্টেন ক্ৰিয়েটৰৰ। ফলত গভীৰতালৈ নাযায়, সত্য উন্মোচন নকৰি উৰাবাতৰিত ভাইৰাছ বিয়পোৱাৰ চেষ্টা কৰে। কুসংস্কৃতিৰ জন্ম হৈছে।
ইফালে, বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিয়েও বৃদ্ধি কৰিছে বিশ্ববাসীৰ উদ্বেগ। মধ্যপ্ৰাচ্যত ইৰাণ আৰু আমেৰিকাক কেন্দ্ৰ কৰি সামৰিক উত্তেজনা অব্যাহত থকাৰ মাজতে বাহৰেইনত থকা আমেৰিকাৰ আগতীয়া সতৰ্কীকৰণ ৰাডাৰ স্থাপনাক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ দাবী কৰিছে ইৰাণে।
আনহাতে, বিশ্বৰ পাৰমাণৱিক যুদ্ধৰ আশংকা, ভূ-ৰাজনৈতিক সংঘাত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ‘Bulletin of the Atomic Scientists’-এ ডুমছডে ক্লকক মাজনিশাৰ পৰা মাত্ৰ ৮৫ ছেকেণ্ড দূৰত ৰাখিছে বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে।
কেৱল সামৰিক সংঘাতেই নহয়, জলবায়ু পৰিৱৰ্তনক লৈও উদ্বেগ প্ৰকাশ কৰিছে বিশ্বৰ বিভিন্ন দেশে। ৰাষ্ট্ৰসংঘৰ জলবায়ু আলোচনাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, প্ৰাকৃতিক দুৰ্যোগ আৰু চৰম বতৰৰ পৰিঘটনাই তেওঁলোকৰ জনজীৱন আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি সতৰ্ক কৰি দিছে।
অৱশ্যে, ১৯৬০ চনৰ সেই গাণিতিক ভৱিষ্যদ্বাণী বাস্তৱত পৃথিৱীৰ অন্ত পৰাৰ কোনো আগজাননী নহয়। কিন্তু জনসংখ্যা বৃদ্ধি, যুদ্ধৰ আশংকা, পাৰমাণৱিক বিপদ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানসমূহে মানৱ সভ্যতাৰ ভৱিষ্যৎক লৈ নতুনকৈ চিন্তা কৰাৰ অৱকাশ সৃষ্টি কৰিছে।
কিন্তু, এনে সত্য উন্মোচনৰ বিপৰীতে নোহোৱা – নোপোজা বিষয়ত প্ৰাসংগিকতা কৰাৰ মানসিকতা আমি এৰি চলিব নোৱাৰোনে?
News Desk | People’s TV