ASSAM

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক

ৰাজ্যিক * গুৱাহাটী, ১৩ নৱেম্বৰ ২০২৬

ASSAM-001-ESSENTIAL-COMMODITY-PRICE-HIKE

অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা, পুনৰ বৃদ্ধি পাইছে বিদ্যুৎ মাচুল

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। চাউল, খোৱা তেল, চেনি, পিঁয়াজকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে হেঁচা প্ৰয়োগ কৰিছে সাধাৰণ পৰিয়ালৰ মাহেকীয়া বাজেটত। ইয়াৰ মাজতে পুনৰ বৃদ্ধি পাইছে বিদ্যুৎ মাচুল। ফলত সামগ্ৰিকভাৱে বৃদ্ধি পাইছে সাধাৰণ জনতাৰ জীৱন-যাপনৰ ব্যয়।

শেহতীয়া , সময়ছোৱাত ৰাজ্যৰ বজাৰত চাউলৰ পাইকাৰী আৰু খুচুৰা মূল্যত যথেষ্ট বৃদ্ধি পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰকাৰৰ চাউলৰ মূল্য প্ৰায় ৩০ৰ পৰা ৪০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে। বিশেষকৈ মোটা আৰু মধ্যমীয়া মানৰ চাউলৰ প্ৰতি কিলোগ্ৰামত প্ৰায় ১৫ টকা বা তাতকৈ অধিক মূল্যবৃদ্ধি ঘটিছে। ধানৰ খেতিৰ পৰিসৰ হ্ৰাস আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰপ্তানিৰ চাহিদা বৃদ্ধিক ইয়াৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰা হৈছে।

কেৱল চাউলেই নহয়, খোৱা তেল, চেনি, পিঁয়াজকে ধৰি বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত এই মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে।

আনহাতে, প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৫ পইচা পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্তই গ্ৰাহকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰণ হিচাপে উল্লেখ কৰিছে। এই বৃদ্ধি সাময়িকভাৱে তিনি মাহৰ বাবে কাৰ্যকৰী কৰা হৈছে আৰু পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ প্ৰত্যাহাৰ কৰাৰ কথা প্ৰকাশ কৰা হৈছে।

ইফালে, অত্যাৱশ্যকীয় সামগ্ৰীৰ এনে ধাৰাবাহিক মূল্যবৃদ্ধিৰ ফলত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি পাইছে। উপাৰ্জনৰ তুলনাত ব্যয় বৃদ্ধি পোৱাত দৈনন্দিন জীৱন পৰিচালনা কৰাটো ক্ৰমাৎ কঠিন হৈ পৰিছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সাধাৰণ গ্ৰাহকে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button