জাগীৰোডত তিৱা লোকনৃত্যৰ কৰ্মশালা, ৫০০০ নৃত্যশিল্পীৰ একেলগে নৃত্য পৰিৱেশনৰ প্ৰস্তুতি

ৰাজ্যিক • জাগীৰোড • ১২ নৱেম্বৰ ২০২৬
RAMAKANTA-DEURI-TIWA-FOLK-DANCE-WORKSHOP-JAGIROAD
ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি, পৰম্পৰা, ভাষা আৰু লোকবিশ্বাসক যুৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লগতে ইয়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ লক্ষ্যৰে আৰম্ভ হৈছে এক বিশেষ সাংস্কৃতিক অভিযান।
ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ উদ্যোগত গ্ৰহণ কৰা এই অভিযানৰ অংশ হিচাপে জাগীৰোডৰ তেতেলীয়া খেলপথাৰত আয়োজন কৰা হয় তিৱা লোকনৃত্যৰ এক বিশেষ কৰ্মশালা। অসমৰ পাঁচখন জিলা আৰু মেঘালয়ৰ এখন জিলাক সামৰি অনুষ্ঠিত এই কৰ্মশালাত প্ৰায় ৫০০০ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছে।
উল্লেখ্য যে, আগন্তুক জোনবিল মেলাত এই ৫০০০ নৃত্যশিল্পীয়ে একেলগে পৰম্পৰাগত তিৱা লোকনৃত্য পৰিৱেশন কৰিব। এই বিশেষ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি নৃত্য উপভোগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, তেতেলীয়া খেলপথাৰত অনুষ্ঠিত কৰ্মশালাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। তেওঁ নৃত্যশিল্পীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক উৎসাহিত কৰে।
অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা সংৰক্ষণৰ এই পদক্ষেপৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে। আনহাতে, ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সভাপতি জুৰসিং বৰদলৈয়েও কৰ্মশালাৰ উদ্দেশ্য আৰু আগন্তুক জোনবিল মেলাত অনুষ্ঠিত হ’বলগীয়া বিশেষ নৃত্য পৰিৱেশনৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্যক এক বৃহৎ মঞ্চ প্ৰদান কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত নিজৰ জাতিগত পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।
প্ৰতিবেদন: অজিত কুমাৰ বৰদলৈ
সংবাদকৰ্মী
News Desk | People’s TV




