এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ:গণেশগুৰিৰ GS Roadৰ নিৰ্দিষ্ট এলেকা ‘ফটকা নিষিদ্ধ’ ঘোষণা

ৰাজ্যিক • গুৱাহাটী • ৮ নৱেম্বৰ, ২০২৬
ASSAM-POLICE-SPARROW-PROTECTION-NO-CRACKER-ZONE-GUWAHATI
দীপাৱলীৰ আনন্দৰ মাজতে চৰাইৰ সুৰক্ষাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ GS Roadৰ এটা নিৰ্দিষ্ট অংশক ‘ফটকা নিষিদ্ধ এলেকা’ হিচাপে ঘোষণা কৰা হৈছে।
গণেশগুৰিৰ লুই ফিলিপ বিপণিৰ পৰা এপ’ল’ হাস্পতাললৈকে GS Roadৰ পথছোৱাত আতছ-বাজি আৰু ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অঞ্চলটোত আশ্ৰয় লৈ থকা এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
দীপাৱলীৰ সময়ত আতছ-বাজিৰ তীব্ৰ শব্দ, ধোঁৱা আৰু পোহৰে চৰাইৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাব পাৰে। বিশেষকৈ ঘনচিৰিকাৰ দৰে সৰু চৰাইৰ বাবে এনে পৰিৱেশ ক্ষতিকাৰক হোৱাৰ আশংকা থাকে।
সেই কথা বিবেচনা কৰিয়েই চৰাইবোৰৰ নিৰাপদ আশ্ৰয়স্থল অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
অসম আৰক্ষীৰ এই উদ্যোগে দীপাৱলীৰ আনন্দৰ মাজতো জীৱ-জন্তু আৰু চৰাইৰ প্ৰতি দায়িত্বশীল আচৰণৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য , যে উৎসৱৰ সময়ত কেৱল মানুহৰ সুৰক্ষাই নহয়, প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতিও গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়।
প্ৰকৃতিৰ সৌন্দৰ্য অটুট ৰাখি, শব্দ প্ৰদূষণৰ পৰা জীৱকূলক সুৰক্ষা দি এইবাৰ পোহৰৰ উৎসৱ উদযাপন কৰিব নোৱাৰোনে?
News Desk | People’s TV




