বিষাক্ত ফেন আৰু আৱৰ্জনাৰে আচ্ছন্ন যমুনা নদী! প্ৰদূষণক নেওচি ছট পূজাত ব্যস্ত ভক্ত

আন্তঃৰাষ্ট্ৰীয় • নয়ডা• ১৬ নৱেম্বৰ ২০২৬
YAMUNA RIVER POLLUTION: TOXIC FOAM AND WASTE ENGULF THE RIVER AS DEVOTEES PERFORM CHHATH PUJA AMID SEVERE POLLUTION
নদীক মাতৃ জ্ঞান কৰোঁ, তথাপি নদী প্ৰদূষণত আমি নীৰৱ কিয়?
ৰাজধানী দিল্লীৰ মাজেৰে বৈ যোৱা যমুনা নদীৰ ভয়াৱহ প্ৰদূষণৰ ছবিয়ে পুনৰ উদ্বিগ্ন কৰি তুলিছে দেশবাসীক।
প্ৰকৃতিয়ে নদী পাহাৰ পৰ্বতেৰে ভৰাই দিছে ভাৰতক। ভাৰতে সভ্যতা সংস্কৃতিৰ নামত এফালৰ পৰা লেতেৰা কৰি গৈছে। শেহতীয়া ভাৱে, কৃষ্ণই কেলি কৰা যমুনা নদীৰ কালিন্দী কুঞ্জ সাংঘাতিক ভাৱে বিষাক্ত হৈ উঠিছে।
নদীখনৰ পানীত বগা বিষাক্ত ফেনৰ আৱৰণ আৰু আৱৰ্জনাৰ দ’মে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ বাবে একাংশ ভক্তই সেই প্ৰদূষিত পানীতেই পালন কৰিলে ছট পূজাৰ নীতি-নিয়ম।
উত্তৰ প্ৰদেশৰ নয়ডাৰ কালিন্দী কুঞ্জ অঞ্চলত যমুনা নদীৰ বুকুত দেখা গৈছে বিষাক্ত ফেনৰ ডাঠ আৱৰণ।

নদীৰ পানীৰ ওপৰত বিয়পি পৰা এই বগা ফেনে জল প্ৰদূষণৰ ভয়াৱহ ছবিখন পুনৰ স্পষ্ট কৰি তুলিছে। নদীখনত জমা হোৱা বিভিন্ন আৱৰ্জনা আৰু উদ্যোগিক তথা নলা-নৰ্দমাৰ বৰ্জিত পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
ইয়াৰ মাজতে ,ছট পূজা উপলক্ষে নদীৰ পাৰত সমবেত হয় অসংখ্য ভক্ত। উল্লেখ্য যে, ছট পূজা মূলতঃ সূৰ্য দেৱতা আৰু প্ৰকৃতিৰ উপাসনাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ উৎসৱ। এই পূজাত ভক্তসকলে নদী বা জলাশয়ত নামি অস্তগামী আৰু উদয়মান সূৰ্যক অৰ্ঘ্য আগবঢ়ায়। কিন্তু যমুনাৰ বৰ্তমানৰ প্ৰদূষিত অৱস্থাই এই ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ সময়ত ভক্তসকলৰ স্বাস্থ্য আৰু সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। বিশেষকৈ একাংশ মহিলাই প্ৰদূষিত পানীত নামি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰাৰ লগতে পৰম্পৰাগত ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰে। বিষাক্ত ফেন আৰু আৱৰ্জনাৰ মাজতো ভক্তসকলৰ ধৰ্মীয় আস্থা আৰু বিশ্বাসত যেন কোনো প্ৰভাৱ পৰা নাই।

প্ৰকৃতিয়ে নদী পাহাৰ পৰ্বতেৰে ভৰাই দিছে ভাৰতক। ভাৰতে সভ্যতা সংস্কৃতিৰ নামত এফালৰ পৰা লেতেৰা কৰি গৈছে। শেহতীয়া ভাৱে, কৃষ্ণই কেলি কৰা যমুনা নদীৰ কালিন্দী কুঞ্জ সাংঘাতিক ভাৱে বিষাক্ত হৈ উঠিছে।
নদীখনৰ পানীত বগা বিষাক্ত ফেনৰ আৱৰণ আৰু আৱৰ্জনাৰ দ’মে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ বাবে একাংশ ভক্তই সেই প্ৰদূষিত পানীতেই পালন কৰিলে ছট পূজাৰ নীতি-নিয়ম।
বিশেষজ্ঞসকলৰ মতে, প্ৰদূষিত পানীৰ সংস্পৰ্শলৈ আহিলে ছালৰ সংক্ৰমণ, চকুৰ সমস্যা আৰু অন্যান্য স্বাস্থ্যজনিত অসুবিধাৰ আশংকা থাকিব পাৰে। বিশেষকৈ পানীত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু জীৱাণুৱে মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিব পাৰে।
আনহাতে, যমুনা নদীক প্ৰদূষণমুক্ত কৰাৰ বাবে বিভিন্ন সময়ত চৰকাৰ আৰু প্ৰশাসনে একাধিক পদক্ষেপ তথা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। তথাপি নদীখনৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস নোপোৱাক লৈ প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।
ধৰ্মীয় বিশ্বাস, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু জনস্বাস্থ্যৰ মাজত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে আমাক পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰিছে—কেৱল নদীক পৱিত্ৰ বুলি গণ্য কৰিলেই হ’বনে, নে নদীক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্বও পালন কৰিব লাগিব?
ধৰ্মীয় বিশ্বাস আৰু জনস্বাস্থ্যৰ মাজত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে পুনৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—কেতিয়া প্ৰকৃতাৰ্থত প্ৰদূষণমুক্ত হ’ব যমুনা নদী?
News Desk | People’s TV




