ASSAM

কাঠৰ ফলকত খোদিত জুবিন গাৰ্গৰ নাম :ব্যতিক্ৰমী শিল্পৰে প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধা বঙাইগাঁৱৰ যুৱকৰ

ৰাজ্যিক • বঙাইগাঁও • ১৬ নৱেম্বৰ ২০২৬

WOODEN SCULPTURE OF ZUBEEN GARG

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু শ্ৰদ্ধাৰ আন এক নিদৰ্শন দাঙি ধৰিলে বঙাইগাঁৱৰ এজন প্ৰতিভাৱান যুৱকে।

সাধাৰণ এচপৰা কাঠক নিজৰ সৃজনীশীলতাৰ পৰশেৰে অনন্য শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰি চৰ্চালৈ আহিছে মমিতাব পাঠক।

বঙাইগাঁও জিলাৰ ৭ নং পোপৰাগাঁও পুৰাণিপাৰাৰ নিবাসী মমিতাব পাঠকে কাঠৰ ফলকত অতি নিপুণতাৰে খোদিত কৰি উলিয়াইছে জুবিন গাৰ্গৰ নাম। যুৱকজনৰ এই ব্যতিক্ৰমী কাষ্ঠশিল্পই ইতিমধ্যে অঞ্চলটোত বিশেষ চৰ্চা লাভ কৰাৰ লগতে সামাজিক মাধ্যমতো লাভ কৰিছে ব্যাপক সমাদৰ।

মমিতাবৰ এই শিল্পকৰ্মৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ সূক্ষ্মতা আৰু অভিনৱ পৰিকল্পনা। কাঠৰ ফলকত খোদিত ‘জুবিন’ নামটোৰ ‘জু’ আখৰটোৰ ওপৰত জুবিন গাৰ্গৰ পৰিচয়বাহী টুপীটোৰ আৰ্হি আৰু ‘বি’ আখৰটোৰ ওপৰত জ্বলন্ত চাকিৰ শিখাৰ প্ৰতিচ্ছবি অতি সুন্দৰকৈ ফুটাই তুলিছে শিল্পীগৰাকীয়ে।

কেৱল নাম খোদিত কৰিয়েই ক্ষান্ত থকা নাই যুৱকজন। প্ৰতিটো আখৰৰ সৈতে জুবিন গাৰ্গৰ ব্যক্তিত্ব আৰু সৃষ্টিশীলতাৰ এক বিশেষ সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়াস কৰিছে তেওঁ। সামান্য কাঠৰ ফলক এখনত ইমান সূক্ষ্মভাৱে এনে এক শিল্পকৰ্ম নিৰ্মাণ কৰাটো সঁচাকৈয়ে প্ৰশংসনীয়।

উল্লেখ্য যে, জুবিন গাৰ্গক নিজৰ পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা মমিতাব পাঠকৰ এই শিল্পকৰ্মই শিল্পীগৰাকীৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু আৱেগৰ প্ৰতিফলন ঘটাইছে। সামাজিক মাধ্যমত শিল্পকৰ্মটোৰ ছবি প্ৰচাৰ হোৱাৰ পিছতে বহু অনুৰাগীয়ে যুৱকজনৰ প্ৰতিভাৰ প্ৰশংসা কৰিছে।

সাধাৰণ কাঠৰ টুকুৰা এটাও যে সৃজনীশীলতা, একাগ্ৰতা আৰু আন্তৰিকতাৰ পৰশত অসাধাৰণ শিল্পকৰ্মলৈ ৰূপান্তৰিত হ’ব পাৰে, তাৰেই এক সুন্দৰ উদাহৰণ মমিতাব পাঠকৰ এই প্ৰচেষ্টা। নিজৰ অনন্য শিল্পকলাৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ যুৱকজনে আগবঢ়োৱা এই শ্ৰদ্ধাঞ্জলিয়ে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে জুবিন কেৱল সংগীতৰ মাজতেই নহয়, অনুৰাগীৰ হৃদয়তো সজীৱ হৈ আছে।

বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰীৰ প্ৰতিবেদন,

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button