ASSAM

ৰাজ্যত ৰামানুজ কাণ্ডৰ পুনৰাবৃত্তি :খানাপাৰাত ১২ দিন‌ৰ পৰা সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ

ৰাজ্যিক • ৭ নৱেম্বৰ • ২০২৬

মৃত মহিলাগৰাকী কইনাধৰাৰ জীনা বৈশ্য; ৩৪ বছৰীয়া দুই সন্তানৰ মাতৃৰ মৃত্যুক লৈ চাঞ্চল্য।

১২ দিন সন্ধানহীন, অৱশেষত খানাপাৰাত‌ বস্তাত মৃতদেহ উদ্ধাৰ

গুৱাহাটী: খানাপাৰাত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহ অৱশেষত চিনাক্ত কৰা হৈছে।

মৃত মহিলাগৰাকী কইনাধৰাৰ জীনা বৈশ্য বুলি জানিব পৰা গৈছে। ৩৪ বছৰীয়া জীনা বৈশ্য আছিল দুটি সন্তানৰ মাতৃ।

উল্লেখ্য যে, বিগত ১২ দিন ধৰি সন্ধানহীন হৈ আছিল মহিলাগৰাকী। দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকাৰ পাছত খানাপাৰাত বস্তাবন্দী অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। অৱশেষত মৃতদেহটোৰ পৰিচয় নিশ্চিত হোৱাত পোহৰলৈ আহিছে মহিলাগৰাকীৰ পৰিচয়।

কইনাধৰাৰ বাসিন্দা জীনা বৈশ্যৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এগৰাকী দুই সন্তানৰ মাতৃৰ এনেদৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button