ASSAM

কালাইন–শিলচৰ পথৰ দুৰৱস্থাক লৈ ভাঙাৰপাৰত উত্তাল প্ৰতিবাদ, পথ অৱৰোধত স্তব্ধ যান-বাহন

ৰাজ্যিক • ৭ নৱেম্বৰ • ২০২৬

kalain-silchar-road-condition-protest-bhangarpar-road-blockade

দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ পথ; চৰকাৰ আৰু পূর্ত বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজ আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলে।

ভাঙাৰপাৰ, কাছাৰ: কালাইন–শিলচৰ পথৰ জৰাজীৰ্ণ অৱস্থাক লৈ শনিবাৰে ভাঙাৰপাৰ বজাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বেয়া অৱস্থাত থকা পথটো মেৰামতিৰ দাবীত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ ফলত কালাইন–শিলচৰ পথত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰে আৰু তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ, সংশ্লিষ্ট মন্ত্ৰী আৰু পূর্ত বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি, পথটোৰ মেৰামতিৰ বাবে বাৰে বাৰে আবেদন জনোৱাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই।

পথটোৰ প্ৰকাণ্ড গাঁত আৰু ধূলিৰ ফলত প্ৰতিদিনে যাত্ৰী, সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে। জৰাজীৰ্ণ পথটোৰ বাবে যাতায়াত ব্যৱস্থা বিপৰ্যস্ত হৈ পৰাৰ লগতে সাধাৰণ জনজীৱনতো ইয়াৰ প্ৰভাৱ পৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি জিলা পৰিষদৰ সদস্যা ফৰিদা পাৰভীন লস্কৰে পথ মেৰামতিৰ দাবী উত্থাপন কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাইজৰ ন্যায্য দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব।

ইফালে, পথ অৱৰোধৰ ফলত কালাইন–শিলচৰ পথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ দাবীত ৰাইজে ৰাজপথলৈ ওলাই অহাৰ পাছত এতিয়া পূর্ত বিভাগ আৰু ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিছে অঞ্চলবাসীয়ে।

কাছাৰৰ পৰা আছিক উদ্দিনৰ ৰিপ’ৰ্ট।

সংবাদকৰ্মী , People’s TV

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button