
ৰাজ্যিক • হোজাই • ৭ নৱেম্বৰ • ২০২৬
যোগীজান উন্নয়ন খণ্ডৰ ত্ৰিপুৰা বস্তি খেলপথাৰত আৰম্ভ পঞ্চায়ত পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা, গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নিয়াৰ লক্ষ্য।
সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো আজিৰে পৰা আৰম্ভ হৈছে পঞ্চায়ত পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা ‘খেল মহাৰণ ৩.০’। এই উপলক্ষে জিলাখনৰ যোগীজান উন্নয়ন খণ্ডৰ অধীনস্থ ৰাধানগৰ গাঁও পঞ্চায়তৰ ত্ৰিপুৰা বস্তি খেলপথাৰত উলহ-মালহেৰে আয়োজন কৰা হয় এক বিশেষ উদ্বোধনী অনুষ্ঠান।
স্থানীয় ক্ৰীড়াপ্ৰেমী আৰু ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজত অনুষ্ঠিত এই উদ্বোধনী কাৰ্যসূচীত হোজাই জিলা পৰিষদৰ সভানেত্ৰী জোনটি বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত তথা জিলা ক্ৰীড়া বিষয়া আৰু অন্যান্য চৰকাৰী বিষয়াসকলৰ উপস্থিতিত খেল মহাৰণ ৩.০-ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।
উদ্বোধনী অনুষ্ঠানত উপস্থিত অতিথিসকলে গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহক চিনাক্ত কৰি উপযুক্ত মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত ‘খেল মহাৰণ’ৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। ক্ৰীড়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে শৃংখলাবোধ, দলীয় মনোভাৱ আৰু সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে অতিথিসকলে।
উল্লেখ্য যে, ‘খেল মহাৰণ’ হৈছে ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ। পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব।
আজিৰ উদ্বোধনী কাৰ্যসূচীত অঞ্চলটোৰ খেলুৱৈসকলৰ লগতে স্থানীয় ৰাইজৰ ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হয়। খেল মহাৰণ ৩.০-ৰ জৰিয়তে হোজাই জিলাত ক্ৰীড়াৰ এক সুস্থ আৰু ইতিবাচক পৰিৱেশ গঢ়ি উঠিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।
News Desk | People’s TV




