নলবাৰী মহাবিদ্যালয়ত ‘বিকশিত ভাৰত যুৱ নেতা সংলাপ’ৰ আয়োজন, ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিষয়ত বক্তৃতা প্ৰতিযোগিতা

ৰাজ্যিক •নলবাৰী • ৭ নৱেম্বৰ • ২০২৬
“মেৰা যুৱ ভাৰত ” নলবাৰীৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বিকশিত ভাৰতৰ লক্ষ্যত যুৱপ্ৰজন্মৰ ভূমিকা আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা।
nalbari-college-viksit-bharat-yuva-leader-dialogue
নলবাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ত মেৰা যুৱ ভাৰত নলবাৰীৰ উদ্যোগত ‘বিকশিত ভাৰত যুৱ নেতা সংলাপ’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ অংশ হিচাপে ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিষয়ক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, য’ত যুৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় বিষয়সমূহৰ প্ৰতি সজাগতা আৰু নেতৃত্বৰ গুণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
উল্লেখ্য যে, ‘বিকশিত ভাৰত যুৱ নেতা সংলাপ’ হৈছে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ এক ৰাষ্ট্ৰীয় পদক্ষেপ। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত যুৱপ্ৰজন্মক প্ৰত্যক্ষভাৱে জড়িত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি ৰাজনৈতিক পৰিয়ালৰ বাহিৰৰ এক লাখ যুৱ নেতাৰ সৃষ্টি কৰাৰ লক্ষ্যও এই পদক্ষেপৰ সৈতে জড়িত।
নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটো আঁত ধৰে মেৰা যুৱ ভাৰত নলবাৰীৰ স্বেচ্ছাসেৱিকা শিৱাশ্ৰী গোস্বামীয়ে। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে মেৰা যুৱ ভাৰতৰ উপ-সঞ্চালক মোহিত ৰাভাই।
অনুষ্ঠানত নলবাৰী জিলা পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ, বিশিষ্ট শিক্ষাবিদ ড° দীনমণি ভাগৱতী, শিক্ষাবিদ ৰাহুল দৈমাৰীৰ লগতে মহাবিদ্যালয়খনৰ কেইবাগৰাকীও সন্মানীয় শিক্ষাগুৰু আৰু মেৰা যুৱ ভাৰতৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
ইয়াৰ পিছতে ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিষয়টোৰ ওপৰত প্ৰতিযোগীসকলে নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে। এনে অনুষ্ঠানৰ জৰিয়তে যুৱপ্ৰজন্মৰ মাজত গণতান্ত্ৰিক মূল্যবোধ, ৰাজনৈতিক সচেতনতা আৰু নেতৃত্বৰ দক্ষতা বিকাশৰ লগতে দেশৰ ভৱিষ্যৎ নিৰ্মাণত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয়।
News Desk | People’s TV




