কাঠেৰে গুৰুজনাৰ সৃষ্টিৰাজীক জীয়াই ৰখাৰ অনন্য প্ৰয়াস: হোজাইৰ ভাস্কৰ্যশিল্পী ভূপেন চন্দ্ৰ বনিয়াৰ কৰ্মৰাজীয়ে আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ দৃষ্টি

ৰাজ্যিক • হোজাই • ১০ নৱেম্বৰ • ২০২৬
অসমীয়া কলা-সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক নিজৰ অনন্য শিল্পকৰ্মৰ জৰিয়তে সজীৱ কৰি ৰখাৰ এক নীৰৱ সাধনা অব্যাহত ৰাখিছে হোজাই জিলাৰ এগৰাকী ব্যতিক্ৰমী ভাস্কৰ্যশিল্পীয়ে। জিলাখনৰ ৩ নং কাকী শান্তিপুৰ গাঁৱৰ বাসিন্দা ভূপেন চন্দ্ৰ বনিয়াৰ কাঠেৰে নিৰ্মিত বিভিন্ন শিল্পকৰ্মই বৰ্তমান ৰাজ্যবাসীৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
২০০৮ চনৰ পৰাই নিষ্ঠা আৰু একাগ্ৰতাৰে কাঠৰ শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে শিল্পীগৰাকী। বিলুপ্তপ্ৰায় অসমীয়া চহা জীৱনৰ বিভিন্ন সমল নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে কাঠক শিল্পৰ মাধ্যম হিচাপে বাছি লৈছে তেওঁ। নিজৰ এই প্ৰয়াসক এক উদ্যোগৰ ৰূপ দি প্ৰতিষ্ঠা কৰিছে ‘বনিয়া উড এণ্ড ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী’।
গুৰুজনাৰ অমৰ সৃষ্টিৰাজীৰ প্ৰতি থকা গভীৰ ভক্তি আৰু শ্ৰদ্ধাৰ পৰিচয় পোৱা যায় তেওঁৰ শিল্পকৰ্মসমূহত। অতি নিপুণতাৰে কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে গুৰুৰ আসন, থগা, নামঘোষা, শৰাই, খোল, তাল আদিৰ দৰে পবিত্ৰ আৰু সাংস্কৃতিক সামগ্ৰী।
ইয়াৰ উপৰি অসমীয়া গ্ৰাম্য জীৱনৰ ঐতিহ্য বহনকাৰী যঁতৰ, গৰু গাড়ী, ঢেঁকী, ঢোল, পেঁপা আৰু বিভিন্ন ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰীও তেওঁৰ হাতৰ পৰশত কাঠৰ বুকুত প্ৰাণৱন্ত হৈ উঠিছে। পৰম্পৰাগত জীৱনশৈলীৰ এই সমলসমূহৰ জৰিয়তে অসমীয়া সমাজৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ প্ৰয়াস কৰিছে শিল্পীগৰাকীয়ে।
শেহতীয়াকৈ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাঠৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ কাঠেৰে তৈয়াৰ কৰি নিজৰ অসাধাৰণ দক্ষতাৰ পৰিচয় দিছে ভূপেন চন্দ্ৰ বনিয়াই।
প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বলত বৰ্তমানলৈকে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ৮৫ খনতকৈও অধিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে শিল্পীগৰাকীয়ে। এই প্ৰদৰ্শনীসমূহত নিজৰ শিল্পকৰ্ম প্ৰদৰ্শন আৰু বিক্ৰীৰ জৰিয়তে তেওঁ কেৱল নিজৰ পৰিয়ালটোকেই পোহপাল দিয়া নাই, বৰঞ্চ তেওঁৰ সৈতে কৰ্মৰত আন চাৰিজনকৈ স্থানীয় লোকৰ পৰিয়াললৈও অৰ্থনৈতিক স্বাৱলম্বিতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
নিজৰ শিল্পকৰ্মৰ জৰিয়তে পৰম্পৰাগত অসমীয়া সংস্কৃতিৰ সংৰক্ষণ কৰাৰ লগতে স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ পথো মুকলি কৰিছে ভূপেন চন্দ্ৰ বনিয়াই। ভৱিষ্যতে ‘বনিয়া উড এণ্ড ক্ৰাফ্ট ইণ্ডাষ্ট্ৰী’ক অধিক বৃহৎ ৰূপত সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা আৰু আশা মনত পুহি ৰাখিছে শিল্পীগৰাকীয়ে।
২০০৮ চনৰ পৰাই ধাৰাবাহিকভাৱে চলাই অহা ভূপেন চন্দ্ৰ বনিয়াৰ এই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। কাঠৰ শিল্পকৰ্মৰ জৰিয়তে অসমীয়া ঐতিহ্য আৰু সংস্কৃতিক জীয়াই ৰখাৰ এই প্ৰচেষ্টা অনাগত প্ৰজন্মৰ বাবেও এক প্ৰেৰণাৰ উৎস হৈ ৰ’ব।
জ্যোতিকা বৰা
সংবাদকৰ্মী
News Desk | People’s TV




