ASSAM

“আগন্তুক ৫০ বছৰত অসমত কংগ্ৰেছ চৰকাৰ অহাৰ কোনো গেৰাণ্টি নাই” – মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যিক • লাহৰীঘাট • ৯ নৱেম্বৰ • ২০২৬

হিন্দু হওঁক, মুছলমান হওঁক অবৈধভাৱে মাটি দখল কৰিলে উচ্ছেদ হ’বই।

মুছলমান চাই চৰকাৰে উচ্ছেদ নকৰে।

‘আগন্তুক ৫০ বছৰলৈ অসমত কংগ্ৰেছৰ চৰকাৰ নাহে’ — মুখ্যমন্ত্ৰী

লাহৰীঘাটত বিজেপিৰ বিজয় উৎসৱ, কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ বিজয়ৰ পাছত লাহৰীঘাটৰ তিনিচুকীয়া খেলপথাৰত আজি বিজেপিৰ বিজয় উৎসৱ উদযাপন কৰা হয়। নিৰ্বাচনৰ সময়ত লাহৰীঘাট সমষ্টিবাসীক দিয়া প্ৰতিশ্ৰুতি অনুসৰি সমষ্টিটোত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বিজয় উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিবাসীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত লাহৰীঘাটৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বিজয় উৎসৱত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ আন সমষ্টিসমূহৰ দৰে লাহৰীঘাট সমষ্টিকো সমানে উন্নয়নৰ পথত আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে তেওঁ আজি সমষ্টিটোত উপস্থিত হৈছে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ ফলাফলৰ পাছতো পালন কৰাটো বিজেপি চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

“ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে –

কংগ্ৰেছৰ বিধায়কে মূখ্যমন্ত্ৰীৰ লগত আলোচনাত নবহে“

কংগ্ৰেছৰ MLA সকলে আমাৰ লগত আলোচনা কৰিলে বহুত কাম হৈ থাকে। কিন্তু, কংগ্ৰেছৰ বিধায়কে চৰকাৰী আলোচনাত অংশগ্ৰহণ নকৰে।

কংগ্ৰেছে বিচাৰে Minority লোকে কেৱল আমাক ভোট দি থাকিব লাগে।

আমি লাগিলে যি কৰো নকৰো , সংখ্যালঘু মানুহ অসমত জীয়াই থাকিবলৈ হ’লে কংগ্ৰেছক ভোট দিব লাগে।

কিন্তু, আচল কথা সেইটো নহয়‌।

মানুহক উন্নয়ন লাগে, আৰু কংগ্ৰেছে সেইটো কৰিব নোৱাৰে।

আগন্তুক,৫০ বছৰত কোনো গেৰাণ্টি নাই।

আগতে মই ২৫ বছৰ বুলি কৈছিলো। নগাঁও উপনিৰ্বাচনত কংগ্ৰেছৰ তৃতীয় স্থানত নিলে।

এতিয়া সেই বাবেই কওঁ Next ৫০ বছৰ কংগ্ৰেছ নাহে।” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এআইইউডিএফ বা কংগ্ৰেছৰ সৈতে ৰাজনীতি কৰি কোনো লাভ নাই। বিজেপিৰ নেতৃত্বতে লাহৰীঘাট সমষ্টিক উন্নয়নৰ দিশত আগুৱাই লৈ যাবলৈ তেওঁ সমষ্টিবাসীক আহ্বান জনায়।

লাহৰীঘাটৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি

লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ ভিতৰত লাহৰীঘাটৰ পৰা ভূৰাগাঁৱলৈ অসম মালা আঁচনিৰ অধীনত পকী পথ নিৰ্মাণ আৰু মৰিগাঁও-দৰং সংযোগী দলং নিৰ্মাণৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰে।

সমষ্টিবাসীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়ক আছিফ মহম্মদ নাজাৰৰ পৰিৱৰ্তে নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশীষ শৰ্মাৰ ওচৰত সমস্যাসমূহ অৱগত কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

আগন্তুক চাৰি বছৰত লাহৰীঘাট সমষ্টিত ৰাজ্যৰ আন সমষ্টিসমূহৰ সমানে উন্নয়নৰ কাম-কাজ সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰি ২০৩১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ সমষ্টিবাসীক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ বিজয় উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশীষ শৰ্মা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকে। বিজয় উৎসৱত দহ সহস্ৰাধিক লোকৰ সমাগম হোৱা বুলি জানিব পৰা গৈছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button