SPORTS

২০২৭ ৰ‌ অধিনায়কৰ পৰা বাদ পৰিব নেকি অসম তনয় ৰিয়ান পৰাগ ?

ৰাজ্যিক • ৯ নৱেম্বৰ • ২০২৬

  • বহু দিনৰ পিছত চৰ্চাত আকৌ ৰিয়ান পৰাগ
  • ৰাজস্থান ৰয়েলছৰ অধিনায়ক হৈ থাকিবনে ৰিয়ান?
  • RR এৰি KKR দললৈ গুচি যাব নেকি অসম সন্তান?
  • IPL 2027ত ৰিয়ান পৰাগৰ ভৱিষ্যৎ কি?

IPL 2027ত ৰিয়ান পৰাগৰ ভৱিষ্যৎক লৈ চৰ্চা : ৰাজস্থান ৰয়েলছৰ অধিনায়ক হৈ থাকিবনে অসম সন্তান?

দীৰ্ঘদিনৰ শাৰীৰিক অসুস্থতাৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে অসম সন্তান ৰিয়ান পৰাগ। কান্ধৰ অস্ত্ৰোপচাৰৰ পিছত পুনৰ ক্ৰিকেটৰ অনুশীলনলৈ উভতি অহা ৰিয়ান পৰাগক লৈ এতিয়া চৰ্চা চলিছে ক্ৰিকেট মহলত। আগন্তুক, IPLত ৰাজস্থান ৰয়েলছৰ হৈ খেলিবনে ৰিয়ানে? দলৰ অধিনায়কত্ব অক্ষুণ্ণ থাকিবনে তেওঁৰ? নে নতুন দল KKRত দেখা যাব অসম সন্তানগৰাকীক?

২০২৪ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ নকৰা ৰিয়ান পৰাগৰ পুনৰ প্ৰত্যাৱৰ্তনক লৈও চৰ্চা চলিছে। এগৰাকী দক্ষ মিডল অৰ্ডাৰ বেটছমেনৰ লগতে প্ৰয়োজন সাপেক্ষে অফ স্পিন বলিং কৰিব পৰা ৰিয়ানৰ বাবে আগন্তুক নিউজিলেণ্ড শৃংখলাত সুযোগৰ সম্ভাৱনাক লৈও আলোচনা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

ইতিমধ্যে , কান্ধৰ অস্ত্ৰোপচাৰৰ পিছত সুস্থ হৈ উঠা ৰিয়ানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নেট প্ৰেকটিছৰ এটা ভিডিঅ’ আপলোড কৰিছে। এই ভিডিঅ’ৰ পিছতেই পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰিয়ান পৰাগ।

ইফালে, আগন্তুক IPLত ৰাজস্থান ৰয়েলছৰ দলীয় গঠনক লৈও আৰম্ভ হৈছে জল্পনা-কল্পনা। ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে থাকিবনে, নে দলটোৰ নিৰ্ভৰযোগ্য বেটছমেন যশস্বী জয়ছোৱালৰ হাতত অৰ্পণ কৰা হ’ব নেতৃত্বৰ দায়িত্ব? এই প্ৰশ্নই এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত চৰ্চা লাভ কৰিছে।

ৰাজস্থান ৰয়েলছৰ স্থায়ী মালিকীস্বত্বৰ পৰিৱৰ্তনৰ পিছতে ৰিয়ান পৰাগৰ অধিনায়কত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আনহাতে, মুম্বাই ইণ্ডিয়ানছৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ৰাজস্থান ৰয়েলছত যোগদানৰ সম্ভাৱনাক লৈও চৰ্চা চলিছে। অৱশ্যে এই সকলোবোৰ এতিয়ালৈকে জল্পনা-কল্পনাৰ পৰ্যায়তে আছে।

ইয়াৰ মাজতে ৰাজস্থান ৰয়েলছত ৰিয়ান পৰাগৰ গুৰুত্ব হ্ৰাস পালে তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ (KKR)লৈ যাব পাৰে বুলিও চৰ্চা চলিছে। এই সন্দৰ্ভত গোপনে আলোচনা চলি থকাৰ কথাও বিভিন্ন অসংৰক্ষিত সূত্ৰত প্ৰকাশ পাইছে। অৱশ্যে ৰাজস্থান ৰয়েলছ অথবা KKRৰ তৰফৰ পৰা এই বিষয়ে কোনো আনুষ্ঠানিক নিশ্চিতি প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য, যে IPLৰ আগন্তুক ছিজনৰ বাবে খেলুৱৈ ৰিটেনচনৰ তালিকা প্ৰকাশৰ সময়সীমা ১৬ নৱেম্বৰ বুলি উল্লেখ কৰা হৈছে। এই সময়সীমাৰ ভিতৰত প্ৰতিটো দলে নিজৰ নিজৰ ৰিটেইন কৰা খেলুৱৈৰ তালিকা দাখিল কৰিব লাগিব। কোন খেলুৱৈক দলত ৰাখিব আৰু কাক বিদায় দিব, সেই তালিকা প্ৰকাশৰ পিছতেই ৰিয়ান পৰাগৰ ভৱিষ্যৎ সন্দৰ্ভত অধিক স্পষ্টতা আহিব।

যোৱা IPL ছিজনৰ অন্তিম ভাগত আঘাতপ্ৰাপ্ত হোৱা ৰিয়ান পৰাগে আগন্তুক IPLত পুনৰ খেলপথাৰলৈ উভতি অহাৰ সম্ভাৱনা আছে। ২০২৪ চনৰ IPLত দুৰ্দান্ত প্ৰদৰ্শনেৰে ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা ৰিয়ানে যদি পুনৰ নিজৰ পুৰণি ফৰ্ম ঘূৰাই আনিবলৈ সক্ষম হয়, তেন্তে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ পথো অধিক সুগম হ’ব পাৰে।

সেয়েহে, এতিয়া সকলোৰে দৃষ্টি ১৬ নৱেম্বৰৰ ৰিটেনচন তালিকাৰ ওপৰত। ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগৰ যাত্ৰা অব্যাহত থাকিবনে, নে নতুন দলৰ জাৰ্ছীত দেখা যাব অসম সন্তানগৰাকীক? এই প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব আনুষ্ঠানিক ঘোষণালৈ।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button