স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী সদৌ অসম ফুটবল প্ৰতিযোগিতাৰ খিতাপ ঔগুৰি এফ চিৰ দখল

ৰাজ্যিক • জাগীৰোড •১১ নৱেম্বৰ ২০২৬
SISURAM-HAZARIKA-MEMORIAL-FOOTBALL-TOURNAMENT-FINAL-JAGIROAD
জাগীৰোডৰ পশ্চিম নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী সদৌ অসম ভিত্তিত নক আউট ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়।
পশ্চিম নগাঁও খেলপথাৰত অনুষ্ঠিত এই উত্তেজনাপূৰ্ণ ফাইনেলত পশ্চিম কাৰ্বি আংলঙৰ ঔগুৰি এফ চিয়ে কমাৰবড়ী জে ডি এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে।
চূড়ান্ত খেলখনৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাই। খেলখনত দুয়োটা দলে উন্নত প্ৰদৰ্শন আগবঢ়ায় যদিও অন্তিম হাঁহি মাৰে ঔগুৰি এফ চিয়ে।
উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত লুকাই থকা প্ৰতিভাৱান ফুটবল খেলুৱৈসকলক চিনাক্ত কৰি উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ ফুটবল ক্ষেত্ৰখনক অধিক আগুৱাই নিয়াৰ লক্ষ্যৰে পশ্চিম নগাঁও ক্ৰীড়া সন্থাই প্ৰতিবছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।
প্ৰতিযোগিতাত বিজয়ী পশ্চিম কাৰ্বি আংলঙৰ ঔগুৰি এফ চিক ১ লাখ ৫০ হাজাৰ টকাৰ নগদ ধনৰ লগতে ট্ৰফী প্ৰদান কৰা হয়। আনহাতে, উপ-বিজয়ী কমাৰবড়ী জে ডি এফ চিক ১ লাখ টকাৰ নগদ ধনৰ লগতে ট্ৰফী প্ৰদান কৰা হয়।
প্ৰতিবেদন: জাগীৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপ’ৰ্ট।
News Desk | People’s TV



