‘চিণ্ডিকেটৰাজে গ্ৰাস কৰিছে সমগ্ৰ নেকি’? -অখিল গগৈৰ বিস্ফোৰক অভিযোগ

ৰাজ্যিক • ১১ নৱেম্বৰ • ২০২৬
ছিণ্ডিকেটৰাজে সমগ্ৰ অসমক গ্ৰাস কৰিছে নেকি? ট্ৰাকে ট্ৰাকে আহিছে কয়লা।
অসম মাফিয়া ৰাজ্যত পৰিণত হৈছে নেকি?
সমানে চলিছে শিল আৰু বালিৰ ছিণ্ডিকেট ,বাৰ্মিজ চুপাৰিয়ে ভৰিছে অসম
চৰকাৰে কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই ছিণ্ডিকেট ?
আৰক্ষীৰ ভূমিকাক লৈ প্ৰবল সন্দেহ।
ছিণ্ডিকেটক লৈ অখিল গগৈয়ে উত্থাপন কৰিছে বিস্ফোৰক মন্তব্য।

অৰুণোদয় আঁচনিৰ দৰে বিভিন্ন আচঁনিৰ জৰিয়তে চমক দেখুৱাই আনফালে কয়লাৰ ছিণ্ডিকেট চলাই ফোপোলা কৰিছে নেকি অসমৰ অৰ্থনীতি। ৰাজ্যত কয়লা , বালি, শিল ,ৰ ছিণ্ডিকেট তাৰ পাছতো মূখ্যমন্ত্ৰী মনে মনে কিয়?অসমত চিণ্ডিকেটৰাজে ভয়াৱহ ৰূপ ধাৰণ কৰিছে নেকি? ট্ৰাকে ট্ৰাকে চোৰাং গৰুৰ সৰবৰাহ। কয়লা, বালি, শিলৰ পৰা আৰম্ভ কৰি গৰু আৰু ছুপাৰীলৈকে বিভিন্ন সামগ্ৰীৰ চিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
চামুচেৰে দি বেলচাৰে কাঢ়ি নিয়াৰ দৰে ৰাজ্যৰ অৰ্থনীতি ফোঁপোলা কৰা হৈছে নেকি? চিণ্ডিকেটৰ প্ৰসংগত সৰৱ হৈ অখিল গগৈ অৰুণোদয়ৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে জনসাধাৰণৰ মাজত চৰকাৰে উন্নয়নৰ চমক সৃষ্টি কৰাৰ বিপৰীতে আনফালে কয়লা, বালি আৰু শিলৰ চিণ্ডিকেটৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন চলি থকাৰ অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে।
চিণ্ডিকেটৰ প্ৰসংগত সৰৱ হৈ অখিল গগৈ প্ৰশ্ন কৰে যে , “সনাতনী বিজেপি চৰকাৰে ,যে গৰুৰো ছিণ্ডিকেট চলায় সেয়া কেন্দ্ৰীয় চৰকাৰে গম পোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাই গৰুৰো পইচা লয়।এই কথা শুনি কেন্দ্ৰীয় চৰকাৰ আচৰিত হৈছে, আৰু পশ্চিম বংগলৈ যোৱা সকলোবোৰ গাড়ী ৰখাই থৈছে। প্ৰায় আঢ়ৈশ খন গৰু আৰু ছুপাৰীৰ ট্ৰাক পশ্চিম বংগৰ বৰ্ডাৰত ৰখাই থৈছে।তাত কিছুমান ট্ৰাক এতিয়াও ৰৈ আছে।……”
এই সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰক ভাষ্যই খলকনি তুলিছে ৰাইজৰ মাজত।
তেওঁৰ অভিযোগ অনুসৰি, ৰাজ্যত কয়লাৰ লগতে বালি, শিল, গৰু আৰু ছুপাৰীৰ চিণ্ডিকেটো চলি আছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় নীৰৱতা অৱলম্বন কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে।

অখিল গগৈয়ে দাবী কৰে যে গৰুৰ চিণ্ডিকেটৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হোৱাৰ পিছত পশ্চিমবংগ অভিমুখী বাহনসমূহৰ চলাচলত বাধা আহিছে। তেওঁৰ ভাষ্য অনুসৰি, প্ৰায় ২৫০খন গৰু আৰু ছুপাৰী কঢ়িওৱা ট্ৰাক পশ্চিমবংগৰ সীমান্তত আবদ্ধ হৈ পৰিছিল। ইয়াৰে কিছুমান ট্ৰাক এতিয়াও সীমান্তত ৰৈ আছে বুলিও তেওঁ উল্লেখ কৰে।
বিধায়কগৰাকীয়ে লগতে অভিযোগ কৰে যে পশ্চিমবংগৰ পথেৰে কয়লা সৰবৰাহত অসুবিধাৰ সৃষ্টি হোৱাত বিকল্প পথ বা ৰাষ্ট্ৰৰ সন্ধানৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিছে। মেঘালয়ৰ কয়লা সৰবৰাহৰ ক্ষেত্ৰতো বিকল্প ব্যৱস্থাৰ সন্ধান চলোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধেও গৰুৰ চিণ্ডিকেটৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।
চিণ্ডিকেটক কেন্দ্ৰ কৰি অখিল গগৈৰ এই বিস্ফোৰক অভিযোগে ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
(অভিযোগসমূহৰ সত্যতা আৰু চৰকাৰ তথা অভিযুক্ত পক্ষৰ প্ৰতিক্ৰিয়া স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।)
News Desk | People’s TV




