এক সুখবৰ :অসমৰ জৈৱ-বৈচিত্ৰ্যলৈ নতুন সংযোজন

ৰাজ্যিক • ২০ নৱেম্বৰ ২০২৬
হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ নতুন প্ৰজাতি
Glyphipterix brevimucronataৰ সমীপত আৱিষ্কাৰ এশ বছৰৰ পাছত ভাৰতৰ নতুন ছেজ মথ প্ৰজাতি Glyphipterix brevimucronata
অসমৰ জৈৱ-বৈচিত্ৰ্য আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনলৈ আহিছে এক সুখবৰ। যোৰহাট জিলাৰ মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ হৈছে নতুন প্ৰজাতিৰ এবিধ অতি ক্ষুদ্ৰ চকৰী বা মাইক্ৰ’-মথ (Micro-moth)। Glyphipterix brevimucronata নামৰ এই নতুন প্ৰজাতিটোৰ আৱিষ্কাৰে ভাৰতৰ পতংগবিজ্ঞানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন ঘটাইছে।
উল্লেখযোগ্য যে প্ৰায় এশ বছৰৰ ব্যৱধানত ভাৰতত ‘ছেজ মথ’ (Sedge moth) পৰিয়ালৰ Glyphipterigidae-ত নতুন প্ৰজাতি চিনাক্ত হোৱাৰ এয়া প্ৰথম ঘটনা। আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান গৱেষণা পত্ৰিকা Zootaxa-ত প্ৰকাশিত গৱেষণা পত্ৰখনত এই আৱিষ্কাৰৰ সবিশেষ তথ্য প্ৰকাশ পাইছে।
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (ICAR-IARI)-ৰ বিজ্ঞানী কিশোৰ চন্দ্ৰ চাহুৱে ড° অভিজিৎ কে. পি. আৰু স্থানীয় গাইড জয়ন্ত জ্যোতি শৰ্মাৰ সহযোগত এই নতুন প্ৰজাতিটো চিনাক্ত কৰে। ২০২৫ চনৰ ২ অক্টোবৰত মৰিয়নীৰ গিবন অভয়াৰণ্যৰ কাষৰীয়া প্ৰায় ১৪১ মিটাৰ উচ্চতাৰ অঞ্চল এটাৰ পৰা নিশাৰ ভাগত এই পতংগবিধ সংগ্ৰহ কৰা হৈছিল। ইয়াৰ বাবে গৱেষকসকলে পাৰা বাষ্পীয় লেম্প (Mercury Vapour Lamp) ব্যৱহাৰ কৰিছিল। আকাৰৰ ফালৰ পৰা অতি ক্ষুদ্ৰ এই মাইক্ৰ’-মথবিধৰ ডেউকাৰ বিস্তাৰ মাত্ৰ ৬.৫ মিলিমিটাৰ। ইয়াৰ আগফালৰ ডেউকাত মটিয়া ৰঙৰ সৈতে হালধীয়া ধাতৱ চিকমিকনি আৰু বগা ৰঙৰ বিশেষ দাগ দেখা যায়। ইয়াৰ বৈজ্ঞানিক নাম Glyphipterix brevimucronata-ৰ উৎপত্তি লেটিন ভাষাৰ ‘brevi’ (চুটি) আৰু ‘mucronata’ (জোঙা) শব্দ দুটাৰ পৰা হৈছে। পতংগবিধৰ প্ৰজনন অংগৰ চুটি আৰু জোঙা গঠনৰ ভিত্তিত এই নামকৰণ কৰা হৈছে।
গৱেষণাৰ তথ্য অনুসৰি, বিশ্বজুৰি ছেজ মথৰ ৫৩০টাতকৈও অধিক প্ৰজাতি নথিভুক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে ভাৰতত এতিয়ালৈকে এই পৰিয়ালৰ মাত্ৰ ২৫টা প্ৰজাতিহে চিনাক্ত হৈছে। এনে পৰিপ্ৰেক্ষিতত অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত নতুন প্ৰজাতিটোৰ আৱিষ্কাৰে অঞ্চলটোৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ লগতে অধিক গৱেষণাৰ সম্ভাৱনাও উন্মোচন কৰিছে।
ইফালে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো ছ’চিয়েল মিডিয়াযোগে এই আৱিষ্কাৰক আদৰণি জনাইছে।
অসমৰ বনাঞ্চলসমূহত এতিয়াও বহু অজানা প্ৰাকৃতিক সম্পদ আৰু ৰহস্য লুকাই আছে বুলি উল্লেখ কৰি তেওঁ এই আৱিষ্কাৰক ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে অভিহিত কৰে। প্ৰকৃতিৰ বুকুত লুকাই থকা এনে অজস্ৰ ক্ষুদ্ৰ জীৱৰ সন্ধানে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে অসমৰ বনাঞ্চলসমূহ কেৱল বৃহৎ বন্যপ্ৰাণীৰ বাবেই নহয়, বৰঞ্চ অসংখ্য অচিনাকি প্ৰজাতিৰো গুৰুত্বপূৰ্ণ বাসস্থান।
News Desk | People’s TV




