ASSAM

অসমীয়া সংগীত জগতৰ “হাৰ্টথ্ৰব” জুবিন গাৰ্গৰ জন্মদিন

ৰাজ্যিক • ১৮ নৱেম্বৰ ২০২৬

শুভ জন্মদিন ঈশ্বৰপুত্ৰ

আজি ঈশ্বৰপুত্ৰৰ ৫৪ সংখ্যক জন্মদিন

এক কৃষ্টিৰ নাম জুবিন, এক সভ্যতা, কোনো স্বাৰ্থ কোনো কলুষতাই ঢুকি নোপোৱা কাঞ্চনজংঘা।

১৮ নৱেম্বৰ ১৯৭২ চনত কপিল বৰঠাকুৰৰ ঔৰসত মাতৃ ইলি বৰঠাকুৰৰ গৰ্ভত মেঘালয়ৰ তুৰাত জন্ম হৈছিল এটি দেৱশিশুৰ ।


সাংঘাতিক বিচক্ষণ এই শিশুটিয়ে পাছলৈ জনমানসত আত্মপ্ৰকাশ কৰে যুগনায়ক,মহানায়ক,জনকণ্ঠ,লুইত কণ্ঠ, মানৱদৰদী, মানুহৰ মাজত থাকি ভালপোৱা, মানুহ ভালপোৱা, জীৱ-জন্তু , আকাশ বতাহ বৰষুণ চৰাই-চিৰিকটী পশু-পক্ষী ভালপোৱা এজন গছ আৰু মাটিৰ প্ৰিয় মানুহ।

যাৰ নামতে গীত, যি নিজেই এটি গীত; জুবিন।

ভগ্নী জংকী বৰঠাকুৰৰ লগত আৰম্ভ কৰা সংগীতৰ যাত্ৰাৰ পৰা কোনো এক অনুষ্ঠানত তেওঁৰ যাদুকৰী কন্ঠৰ পৰিচয় হ’ল অসম অসমীয়াৰ মাজত। সেইয়া আছিল নব্বৈ দশকৰ কোনোবা এখিনি সময়ৰ কাহিনী। এটি গীতে মিহি মিহিকৈ চুইছিল মানুহৰ মনবোৰ। গীতটিৰ কণ্ঠত শব্দ আছিল সুৰৰ দলিচা।সংগীতৰ পাতনি মেলা সময়তে ৯০ দশকত তোলপাৰ লগোৱা গীতসমূহৰ জৰিয়তে মায়াৱী কণ্ঠই সকলোকে চুই যাবলৈ সক্ষম হল। চাইকেলেৰে যোৰহাটৰ গলিয়ে গলিয়ে ঘূৰি আৰম্ভ হোৱা গীত এটি অসমলৈ উভতি আহিছিল ৰেঞ্চ ৰ’ভাৰ এখন লৈ। তেওঁ আছিল অসমৰ বুকুৰ সন্তান।

১৯৯২চনত “অনামিকা “এলবামেৰে আত্মপ্ৰকাশ কৰা সেই যাত্ৰাৰ পৰা ২০২৫ চনত “বাটৰে শেষতে” বিসৰ্জন এলবামত শেষবাৰৰ বাবে কণ্ঠদান কৰিছিল। মুনীন বৰুৱা পৰিচালিত ২০০০ চনৰ সেই চলচ্চিত্ৰত তেখেতৰ সেই হাৰ্মিং টো যেন অপূৰ্ব সুৰৰ অভিব্যক্তি। তেওঁৰ শব্দ বিহীন সুৰৰ মূৰ্চনাই প্ৰেমৰ স্নিগ্ধতা, বিৰহৰ ব্যথা আৰু গভীৰতম স্পন্দনক জাগ্ৰত কৰিলে।

যাৰ কণ্ঠৰেই পৰিচয় বিশ্বত, যাৰ কণ্ঠৰেই নিগৰিছিল আঠত্ৰিশ হাজাৰতকৈ অধিক গান।অসমীয়াৰ বাপতি-সাহোন হেঁপাহৰ বিহুটিৰ ৮০০০ তকৈ সৰ্বাধিক বিহুগীত উপহাৰ দিছিল।

প্ৰতিটো গানেই অৰ্থবহ, সুমধুৰ সুৰ। তেওঁ”য়া আলি” (২০০৬) গীতটোৱে তেওঁক সৰ্বভাৰতীয় চাঞ্চল্যৰ সৃষ্টি কৰিছিল, যাৰ ফলত তেওঁ বলীউডৰ স্বীকৃতি লাভ কৰিছিল। Global Indian Film Award (GIFA) for Best Playback Singer ৰ সন্মান লাভ কৰে। সংগীতৰ সমান্তৰালভাৱে অভিনয় আৰু চলচ্চিত্ৰ পৰিচালনাতো নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল জুবিনে। ‘ৰং’, ‘দীনবন্ধু’, ‘মন যায়’ আৰু ‘কাঞ্চনজংঘা’ৰ দৰে চলচ্চিত্ৰত তেওঁৰ বহুমুখী প্ৰতিভাৰ প্ৰতিফলন ঘটিছিল। “মায়াবিনী”, “মন যায়”, “এই মন” আৰু “পাঞ্চুনা”ৰ দৰে অসমীয়া গীতৰ জৰিয়তে তেওঁ খ্যাতি লাভ কৰে। অসমীয়া চলচ্চিত্ৰ জগতত তেওঁ এক নতুন পৰিচয়েৰে নতুন সৌধ নিৰ্মান কৰে। পুনৰ ২০১৬ চনত চলচ্চিত্ৰ জগতত জুবিন গাৰ্গে নিজৰ সাম্ৰাজ্য সাজিবলৈ সক্ষম হয়। এইয়া লুইতৰ দৰে প্ৰবাহমান সুৰৰ সোপানে- সোপান ! অৱধাৰিতভাৱে ,’ মিছন ছাইনা ‘ ই বক্স অফিচত তোলপাৰ লগাবলৈ সক্ষম হ’ল। পুনৰ অসমীয়া চলচ্চিত্ৰৰ সোণালী যুগৰ আৰম্ভণি হ’ল।প্ৰাগ চিনে এৱাৰ্ড ২০২১” playback singer ৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল এই পাঞ্চুনাৰ জৰিয়তে

তেওঁৰ সংগীতৰ পৰিসৰ কেৱল অসমীয়াতে সীমাবদ্ধ নাছিল। বিভিন্ন ভাৰতীয় ভাষাতো কণ্ঠদান কৰি তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। তেওঁৰ কণ্ঠত নিগৰিত গীতৰ সংখ্যা ৩৮ হাজাৰতকৈও অধিক বুলি চৰ্চিত। অসমীয়াৰ বাপতি-সাহোন বিহুকো তেওঁ হাজাৰ হাজাৰ বিহুগীতৰ উপহাৰেৰে সমৃদ্ধ কৰিছিল।

১৯৯২ চনত ‘অনামিকা’ৰ জৰিয়তে আৰম্ভ হোৱা সংগীতৰ যাত্ৰাই ২০২৫ চনত ‘বাটৰে শেষতে’ এলবামলৈকে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰে। এই যাত্ৰাত তেওঁ অসংখ্য গীত, সুৰ আৰু সৃষ্টিৰে অসমীয়া সংগীত জগতত এক অনন্য স্থান দখল কৰি যায়।

অসমীয়া সংগীতৰ সেউজীয়া পথাৰত সুৰৰ সুবাস বিলাই যোৱা এইগৰাকী সৃষ্টিশীল শিল্পী কেৱল এজন গায়ক নহয়। তেওঁ এটা প্ৰজন্মৰ আৱেগ, এটা জাতিৰ সাংস্কৃতিক পৰিচয় আৰু অসংখ্য মানুহৰ জীৱনৰ সৈতে জড়িত এক অনন্য অনুভৱ।

জুবিন গাৰ্গৰ কণ্ঠ, সৃষ্টি আৰু কৰ্মৰাজিয়ে তেওঁক অসমীয়াৰ জনমানসত চিৰদিন জীয়াই ৰাখিব। সময়ৰ পৰিক্ৰমাত বহু কথা সলনি হ’ব পাৰে, কিন্তু তেওঁৰ সৃষ্টিৰ মাজেৰে নিগৰি অহা সুৰৰ অনুৰণন অসমীয়া সমাজত অনন্তকাললৈ প্ৰতিধ্বনিত হৈ থাকিব।

অসমীয়া সংগীতৰ সেউজীয়া ক্ষেত্ৰত শীৰ্ষস্থানত মাত্ৰা প্ৰদান কৰা স্ৰষ্টাগৰাকী জুবিন গাৰ্গ

তেওঁক কেৱল এজন শিল্পী বুলি চিহ্নিত কৰাটো তেওঁৰ অবদানক গৌণ কৰা হ’ব। জুবিন হৈছে এক অনুষ্ঠানৰ নাম, কেতিয়াবা এক আন্দোলন—যিয়ে অসমীয়া সঙ্গীতক দেশজুৰি নতুন ৰূপত চিনাকী দি থৈ গ’ল । তেওঁৰ কণ্ঠত ভিন্ন ভিন্ন ভাষা আৰু শৈলীৰ মিশ্ৰণ, য’ত অসমীয়া সংস্কৃতিৰ মূল সুৰ সদায় উজ্জ্বল।


তেওঁৰ জীৱন যেন এক সৃষ্টিতত্ত্ব—য’ত সংগীত হৈছে ধ্বনি, অভিনয় হৈছে ছন্দ। শিল্পৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু জনগণৰ প্ৰতি অটল মৰমে তেওঁক জনমানসত “জনতাৰ শিল্পী” ৰূপে অমৰ কৰি ৰাখিছে।
জুবিন গাৰ্গ নামটো কেৱল এজন শিল্পীৰ পৰিচয় নহয়; অসমীয়া জাতি-চেতনাৰ এক অনন্ত সুৰ, এক প্ৰতীক। তেওঁৰ গীত-সংগীত, অভিনয় আৰু সৃষ্টিশীলতা সকলো মিলি এটা সাংস্কৃতিক আন্দোলনৰ ৰূপ লৈছে। জুবিনৰ কণ্ঠেৰে অসমীয়া জাতীয়তাবাদ নতুন প্ৰাণ পায় আৰু মৰম-সপোনেৰে শ্ৰোতাৰ হৃদয় সমৃদ্ধ হয়।

মানুহক ভাগ ভাগ কৰা শিকলিডালক ঘৃণা কৰিছিল তেওঁ। জাতিৰ সংকটৰ তেওঁৰ মাত্ৰ এটা আহ্বান ৰাজপথলৈ উলাই আহিছিল হাজাৰ যুৱ শক্তি। সেই শক্তি আছিল কেৱল জুবিনৰ মাতত।
নিজেই ব্ৰাহ্মণ কুলৰ যদিও লগুণ নিজৰ লগত লগুণ ৰাখিবলৈ অস্বীকাৰ কৰে।অসম শংকৰ -আজানৰ সৃষ্টিৰাজি বিৰাজমান ; তাত কোনোধৰণৰ নৈতিকতাহীন কাৰ্য্য কৰাৰ সাহস নাই। এটাই সত্য – উচ্চ নীচ সকলোতকৈ উৰ্দ্ধত হৈছে মানৱতা ।

সাগৰৰ দৰে বিশাল ,সাগৰ ভালপোৱা মানুহজনৰ সত্বাৰ পৰিচয় দিবলৈ আমাৰ শক্তি নাই, সাগৰৰ ঢৌবোৰ যি দৰে চুই চাবহে‌ পাৰি, গভীৰতা বুজিব নোৱাৰি, ঠিক সেইদৰে জুবিন গাৰ্গ ৰ‌ দৰে যুগনায়কৰ সত্বাৰ বিৱৰণ দিয়া সম্ভৱ নহয়।

মায়াবিনীময় অসম আজি ; প্ৰেমৰ সৃষ্টিত তেওঁৰ কণ্ঠৰে বৈ অহা “মায়াবিনী” আজি বেদৰ মন্ত্ৰ গীতাৰ শ্লোক যেন হৈ পৰিল প্ৰত্যেক অসমবাসীৰ মুখে মুখে। যাৰ পৰিচয় দিবলৈ হয়তো আজি অভিধানত শব্দই কম হ’ব , সেই মহান সত্বাৰ,যুগ নায়কজন‌ অসমবাসীৰ গৰ্বিত সন্তান জুবিন গাৰ্গ। সেইজন মানুহৰূপী এজন ঈশ্বৰেই আছিল, যি মৃত্যুৰ পাছতো অন্তিম যাত্ৰাত কোটিৰ ঘৰত মানুহৰ সমাগম হোৱাৰ বাবে ৰেকৰ্ড গঢ়ি থৈ গ’ল। “Limca Book of Records” য়ে ঘোষণা কৰে এই কথা। শেষযাত্ৰাত অংশগ্ৰহণ কৰা বিশ্বৰ চতূৰ্থ বৃহৎ সমদল হিচাপে ইতিহাস ৰচি যোৱা অসমবাসীৰ হিয়াৰ আমঠু এক পৱিত্ৰ সত্তা জুবিন গাৰ্গ।

কিন্তু, নিয়তিৰ কুটিল পৰিহাস; অভিশপ্ত ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰতেই ছিংগাপুৰৰ পৰা অহা আকস্মিক ,অনাকাংক্ষিত খবৰটোৱে জোঁকাৰি গ’ল অসম।কোনেও মানি ল’ব নোৱাৰা, কোনেও নিবিচৰা কঠোৰ সত্য। আজি ধৰ্ম, বৰ্ণ, নীতি নিৰ্বিশেষে অসমত এটাই জাতি আছে মানুহ; পৰিচয় হৈছে মানৱতা।

মৃত্যুওটো এটা শিল্প , কঠিন শিলত কটা নিলোভ ভাস্কৰ্য্য” এই কথাষাৰ প্ৰমাণ কৰিলে জুবিন গাৰ্গে।

অসম অসমীয়াক স্তব্ধ কৰা এই ক্ষণ অপৰাজেয়, চিৰসেউজীয়া,অমৰ । আকাশ বতাহত কেৱল কান্দোনৰ প্ৰতিধ্বনি।  তেওঁ ঈশ্বৰ বুলি ক’লে বেয়া পাইছিল , কিন্তু তেওঁৰ মহাপ্ৰয়াণত লাখ লাখ জনসমাগমে দিনৰ প্ৰতিচ্ছবিয়ে স্পষ্ট কৰে, তেওঁ এক ব্ৰহ্মশক্তিয়েই আছিল।যাৰ অন্তিম বেলাত দগ্ধ বিশ্ব, তোলপাৰ মানিব নোৱাৰা চিৰন্তন সত্য।


এইয়া মাথো মহাসাগৰৰ বুকুত এটা পানীৰ টোপাল।
আকৌ আহিব, আজন্ম অনুৰাগী হৈ ৰম আমি।
চিৰজ্যোতিস্মান হৈ ৰোৱা অসম, অসমীয়াৰ বুকুত! স্পন্দিত হৈ ৰোৱা যুগ যুগলৈ….!


জুবিন গাৰ্গ অমৰ হওঁক। শ্ৰদ্ধাঞ্জলি দিব নোৱাৰি তেওঁক, এটাই প্ৰাৰ্থনা আমাৰ, শান্তিৰে জিৰণি লওঁক যুগনায়ক। অসমীয়াই কাকো হাত যোৰ নকৰাকৈ আপুনি দেখুওৱা পথেৰে স্বাভিমানী সত্তাৰে জীয়াই থাকিব। গৰ্বিত আমি জুবিন যুগৰ মানুহ। তেওঁ দেখুওৱাই গ’ল পৃথিৱীৰ পাৰ্থিৱ সকলোতকৈ উৰ্দ্ধত হৈছে মানৱতা।
জুবিন গাৰ্গ আত্মা আৰু অনন্তকাললৈ জনমানসত জীয়াই থকাৰ যোগ্য এক সৃষ্টিশীল মহাৰ্ঘ্য সম্পদ।


   শেষত তেওঁৰ ভাষাৰেই কওঁ,
“শেষ বুলিলেইতো শেষ নহয়
  আকৌ আৰম্ভ হয়
   শেষ নহয়……..”

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button