বৃহৎ নদীবান্ধৰ প্ৰভাৱত শুকাইছে জলজলী আৰু কলহী নদী!

ৰাজ্যিক • ১৭ নৱেম্বৰ ২০২৬
NAGARBERA | BIG DAM IMPACT – DECLINING WATER LEVELS IN JALJALI AND KALAHI RIVERS RAISE CONCERNS
বৃহৎ নদীবান্ধৰ প্ৰভাৱত শুকাইছে জলজলী আৰু কলহী নদী!
সংকটত হাজাৰ হাজাৰ মাছমৰীয়া পৰিয়ালৰ জীৱিকা
বিগত তিনি-চাৰি বছৰে বানপানীৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত অস্বাভাৱিকভাৱে তৰাং হৈছে নদী দুখন। বিজ্ঞানসন্মত খননৰ দাবী স্থানীয় ৰাইজৰ।
উজনি অসমৰ বৃহৎ নদীবান্ধসমূহৰ সম্ভাৱ্য বিৰূপ প্ৰভাৱ এইবাৰ পৰিলক্ষিত হৈছে নামনি অসমত।
বিগত কেইবছৰমান ধৰি বানপানীৰ পৰিমাণ হ্ৰাস পোৱাৰ সমান্তৰালকৈ অস্বাভাৱিকভাৱে তৰাং হৈ পৰিছে নামনি অসমৰ একাধিক নদ-নদী। ইয়াৰ মাজতে জলজলী আৰু কলহী নদীৰ শেহতীয়া অৱস্থাই গভীৰ চিন্তাৰ সৃষ্টি কৰিছে নৈপৰীয়া ৰাইজৰ মাজত।
কামৰূপ, বৰপেটা আৰু গোৱালপাৰা জিলাৰ লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ অন্যতম প্ৰধান উৎস জলজলী আৰু কলহী নদী। এসময়ত বছৰটোৰ বাৰ মাহেই গভীৰ পানীৰে পৰিপূৰ্ণ হৈ থকা নদী দুখন বৰ্তমান ক্ৰমাৎ শুকাই যোৱাৰ উপক্ৰম হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত তিনি-চাৰি বছৰে বানপানীৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত নদী দুখনৰ জলস্তৰ যথেষ্ট কমি আহিছে।
নদী দুখনৰ এনে পৰিৱৰ্তনে পোনপটীয়াকৈ প্ৰভাৱ পেলাইছে কৃষি আৰু মৎস্যজীৱী পৰিয়ালসমূহৰ ওপৰত। বানপানীৰ অভাৱত নৈপৰীয়া অঞ্চলসমূহত পলস জমা হোৱাৰ পৰিমাণ হ্ৰাস পোৱাত মাটিৰ স্বাভাৱিক উৰ্বৰতা আৰু কৃষি উৎপাদনতো নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা দেখা দিছে। আনহাতে, নদীৰ পানী হ্ৰাস পোৱাৰ ফলত মাছ ধৰাৰ পৰিসৰ সংকুচিত হোৱাত জীৱিকাৰ সংকটত পৰিছে বহু মাছমৰীয়া পৰিয়াল।
স্থানীয় ৰাইজৰ মতে, জলজলী আৰু কলহী নদীৰ ওপৰত নিৰ্ভৰশীল প্ৰায় ১০ হাজাৰৰো অধিক মাছমৰীয়া পৰিয়াল বৰ্তমান চৰম আৰ্থিক অনিশ্চয়তাৰ সন্মুখীন হৈছে। কেৱল মানুহৰ জীৱিকাই নহয়, নদীৰ পানীৰ পৰিমাণ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত জলজ পৰিৱেশতন্ত্ৰ আৰু নদীত বসবাস কৰা বিভিন্ন জলজ প্ৰজাতিৰ অস্তিত্বৰ প্ৰতিও ভাবুকি সৃষ্টি হৈছে।
এনে পৰিস্থিতিত নদী দুখনৰ হেৰাই যোৱা গভীৰতা পুনৰুদ্ধাৰৰ বাবে বিজ্ঞানসন্মত পদ্ধতিৰে খননৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। কামৰূপ, বৰপেটা আৰু গোৱালপাৰা জিলাৰ লাখ লাখ লোকৰ জীৱন-জীৱিকাৰ সৈতে জড়িত জলজলী আৰু কলহী নদীৰ সমস্যা সমাধানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে ৰাইজে।
নদী দুখনৰ বৰ্তমানৰ অৱস্থাই কেৱল একাংশ নৈপৰীয়া লোকৰ জীৱিকাৰ সংকটেই নহয়, নামনি অসমৰ পৰিৱেশ আৰু জলসম্পদ ব্যৱস্থাপনাৰ প্ৰতিও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সেয়ে নদী দুখনৰ জলপ্ৰবাহ হ্ৰাস পোৱাৰ প্ৰকৃত কাৰণ বৈজ্ঞানিকভাৱে পৰীক্ষা কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ আহ্বান।
নগৰবেৰাৰ পৰা কিতাব আলীৰ ৰিপ’ৰ্ট।
News Desk | People’s TV




