ASSAM

দুলীয়াজানত এক নৃশংস হত্যাকাণ্ড!

ৰাজ্যিক • দুলীয়াজান • ১৭ নৱেম্বৰ ২০২৬

DULIajan TRIPLE MURDER CASE: POLICE SUSPECT RAJU DAS AS SENSATIONAL DETAILS EMERGE IN BHOOUYAN FAMILY MURDER

বন্ধ ঘৰৰ ভিতৰত কোনে হত্যা কৰিলে ভূঞা পৰিয়ালৰ তিনিজনক ?

দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰক লৈ এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ

দুলীয়াজানৰ ভূঞা পৰিয়ালৰ তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। বন্ধ ঘৰৰ ভিতৰত চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞাক কোনে, কি কাৰণত আৰু কেনেকৈ হত্যা কৰিলে, তাক লৈ এতিয়াও অব্যাহত আছে ৰহস্য। ইয়াৰ মাজতে এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পাছতে ঘটনাটোক লৈ অধিক ৰহস্যৰ সৃষ্টি হৈছে।

প্ৰাথমিক তথ্য অনুসৰি, পুৱা প্ৰায় ৮ বজাত দুজন সন্দেহযুক্ত ব্যক্তিয়ে ভূঞা পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে। আনকি ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে চিচিটিভি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰাৰো সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। লক্ষণীয়ভাৱে, বৰষুণ নথকাৰ পিছতো দুয়োজন ব্যক্তিয়ে ছাতি লৈ ঘৰত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে।

এই হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীৰ সন্দেহৰ আৱৰ্তলৈ আহিছে ৰাজু দাস নামৰ এজন যুৱক। দীৰ্ঘ প্ৰায় ৭ বছৰ ধৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ৰাজু দাস। হত্যাকাণ্ডৰ পিছৰে পৰা তেওঁৰ ম’বাইল ফোন বন্ধ হৈ থকাত সন্দেহ অধিক ঘনীভূত হৈছে। বৰ্তমান সন্ধানহীন ৰাজু দাসৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ইফালে, তদন্তৰ সময়ত আৰক্ষীয়ে ভূঞা পৰিয়ালৰ ঘৰৰ পৰা এডাল ৰড আৰু এখন দা উদ্ধাৰ কৰিছে। অৱশ্যে এই সামগ্ৰীসমূহ হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল নে নাই, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।

ইয়াৰ মাজতে হত্যাকাণ্ডৰ দিনটোৰ কেইবাটাও ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১০ বজালৈকে ফেচবুকত অনলাইন আছিল নীহাৰিকা ভূঞা। তাৰ পিছৰে পৰা হঠাৎ নিস্তব্ধ হৈ পৰে ভূঞা পৰিয়ালৰ ঘৰখন।

আনহাতে, বিয়লি প্ৰায় ৩ বজাত ষট্ পূজাৰ প্ৰসাদ দিবলৈ আন এজন ব্যক্তিৰ সৈতে চন্দ্ৰকান্ত ভূঞাৰ ঘৰলৈ গৈছিল ৰাজু দাস। দুয়োজনৰ হাতত আছিল একোটাকৈ ছাতি। কিন্তু ঘৰৰ দুৱাৰ বন্ধ হৈ থকাৰ বাবে প্ৰসাদ দিব নোৱাৰি কাষৰীয়া আন এজন ভাৰাতীয়াক কথাটো জনাই তাৰ পৰা আঁতৰি যায় ৰাজু।

সন্ধিয়াৰ ভাগত বন্ধ ঘৰৰ ভিতৰত পৰিয়ালটোৰ তিনিওজন সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো ৰাজু দাসে কোনো যোগাযোগ নকৰা আৰু তেওঁৰ ম’বাইল ফোন বন্ধ হৈ থকাটোৱে আৰক্ষীৰ সন্দেহ অধিক গভীৰ কৰিছে। অৱশ্যে এই পৰ্যন্ত হত্যাকাণ্ডত ৰাজু দাসৰ প্ৰত্যক্ষ জড়িত থকাৰ কোনো চূড়ান্ত প্ৰমাণ ৰাজহুৱা হোৱা নাই।

ইফালে, নিশা ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীত পৰীক্ষা-নিৰীক্ষা চলোৱাৰ পিছত চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী আৰু কন্যাৰ মৃতদেহ দুলীয়াজানৰ অইল ইণ্ডিয়া চিকিৎসালয়ৰ মৰ্গত ৰখা হয়।

আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিওৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত নশ্বৰদেহ চৰাইদেউ জিলাৰ মৰাণজান গাঁৱলৈ লৈ যোৱা হ’ব। মৰাণজান গাঁৱতে তিনিওৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

এতিয়া আৰক্ষীৰ তদন্তত ৰাজু দাসৰ সন্ধান আৰু তেওঁৰ সম্ভাব্য ভূমিকা বিশেষ গুৰুত্ব লাভ কৰিছে। অৱশ্যে প্ৰকৃততে কোনে সংঘটিত কৰিলে এই নৃশংস হত্যাকাণ্ড, ঘাতক কেনেকৈ ঘৰৰ পৰা ওলাই গ’ল আৰু হত্যাকাণ্ডৰ আঁৰত কি ৰহস্য লুকাই আছে, সেই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button