ASSAM

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হেলেনা ভৰালীৰ হত্যাকাণ্ডৰ খলনায়ক ঘনকান্ত গগৈ

ফুলপানী চিগাত পুৱতি নিশা সংঘটিত এনকাউণ্টাৰ

আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ অভিযোগ

ঘনকান্তৰ মৃত্যুত স্বস্তি হেলেনা ভৰালীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ

ৰাজ্যিক • শিৱসাগৰ • ৪ নৱেম্বৰ

অৱশেষত ,আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ’ল হেলেনা ভৰালী হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈ। শিৱসাগৰ জিলাৰ ফুলপানী চিগাত পুৱতি নিশা প্ৰায় ৩ বাজি ১০ মিনিটত সংঘটিত হয় এই এনকাউণ্টাৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ঘনকান্ত গগৈক আনি থকা অৱস্থাত ৰংমন ধাবাৰ সমীপত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল অভিযুক্তগৰাকীয়ে। সেই সময়তে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ঘনকান্ত গগৈ। শৰীৰত এটা গুলী লগাৰ ফলত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, যোৱা ৩ নৱেম্বৰ, ২০২৬ তাৰিখে ঘনকান্ত গগৈৰ সাতদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰিছিল। ইয়াৰ পিছতে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ অভিযুক্তগৰাকীক লৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

আৰক্ষী বিষয়াক আক্ৰমণৰ অভিযোগ

হেলেনা ভৰালী হত্যাকাণ্ডৰ তদন্তৰ সৈতে জড়িত মূল মাষ্টাৰ মাইণ্ড ঘনকান্ত গগৈক শিৱসাগৰলৈ লৈ যোৱাৰ সময়তে ফুলপানী চিগাৰ ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ ভাষ্য অনুসৰি, অভিযুক্তগৰাকীয়ে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল।

এই ঘটনাৰ সময়ত শিৱসাগৰ আৰক্ষীৰ বিষয়া দেৱাশীষ শৰ্মা গুৰুতৰভাৱে আহত হৈছিল। উল্লেখযোগ্য যে, ঘনকান্তৰ আক্ৰমণত আহত হোৱা আৰক্ষী বিষয়াগৰাকীৰ ঘটনাটোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছিল।

ঘনকান্তৰ মৃত্যুত স্বস্তি হেলেনা ভৰালীৰ পৰিয়ালৰ

ঘনকান্ত গগৈৰ এনকাউণ্টাৰৰ পিছতে হেলেনা ভৰালীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হেলেনা ভৰালীৰ বাসগৃহৰ সমীপৰ ওচৰ-চুবুৰীয়াই ঘনকান্তৰ এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাক আদৰণি জনাইছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, “ঘনকান্তৰ এনকাউণ্টাৰ হোৱাটো ভাল পাইছোঁ।”

হেলেনা ভৰালীৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে গভীৰ শোক আৰু ক্ষোভৰ সৃষ্টি কৰিছিল। অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুৰ পিছতে পৰিয়ালটোৱে ন্যায় লাভ কৰা বুলি একাংশ স্থানীয় লোকে মত প্ৰকাশ কৰিছে।

তদন্তৰ মাজতে অভিযুক্তৰ মৃত্যু

হেলেনা ভৰালী হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতে অভিযুক্ত ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাই নতুন চৰ্চাৰ সৃষ্টি কৰিছে। আৰক্ষীৰ মতে, পলায়নৰ চেষ্টা আৰু আৰক্ষীক আক্ৰমণৰ সময়তে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাটোক লৈ আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য, এনকাউণ্টাৰৰ সম্পূৰ্ণ পৰিস্থিতি আৰু পৰৱৰ্তী তদন্তৰ দিশসমূহ এতিয়া বিশেষ গুৰুত্ব লাভ কৰিছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button