NATIONALUncategorized

ৰামলীলা ময়দানত INDIA; ৰাজনীতিৰ পাছত দেশত উঠিছে নতুন জোকাৰণি

ৰাষ্ট্ৰীয় • নতুন দিল্লী • ৩ নৱেম্বৰ ২০২৬

News Desk | People’s TV

ৰামলীলা ময়দানত বিৰোধীৰ শক্তি প্ৰদৰ্শন! দিল্লীৰ ৰাজনৈতিক মঞ্চত INDIA মিত্ৰজোঁটৰ বৃহৎ সমাৱেশক লৈ দেশজুৰি চৰ্চা।


মূখ্য নিৰ্বাচনী জ্ঞানেশ কুমাৰৰ পদত্যাগ তথা নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰাজকতাৰ প্ৰশ্ন তুলি INDIA ই সোমবাৰে অনুষ্ঠিত কৰিছিল ” দিল্লী চলো” কাৰ্য্যসূচী। সেই সূত্ৰে দেশৰ BJP – NDA বিৰোধী শক্তি গোট খাইছিল ৰামলীলা ময়দানত
ৰাহুল গান্ধী মমতা বেনাৰ্জী অখিলেশ যাদৱকে ধৰি সমগ্ৰ বিৰোধী শক্তিয়ে একত্ৰে থিয় হৈছিল ৰামলীলা ময়দানত। হয়তো আশা কৰা নাছিল ৰামলীলা ময়দানত বিজেপি বিৰোধী ইমান জনতাৰ সমাৱেশ হ’ব।

ইতিমধ্যে ৰামলীলা ময়দানৰ এই বিদ্ৰোহে আন্তঃৰাষ্ট্ৰীয় স্তৰত ব্যাপক প্ৰভাৱ পেলাইছে। আমেৰিকা ৰাছিয়া চীনকে ধৰি কেইবাখনো দেশে আওপাকে ভাৰতত লাহে লাহে ৰাহুল গান্ধীৰ আধিপত্য বঢ়াৰ কথা উল্লেখ কৰিছে। ভাৰততো সোমবাৰৰ বৃহৎ জনসভাৰ পাছত ৰাহুল গান্ধীক ৰাজনৈতিক পথ পৰিৱৰ্তনৰ নায়ক হিচাপে ধৰা হৈছে। ২০২৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতত চৰকাৰ সলনিৰ দৰে পৰিস্থিতি আহি যাব পাৰে বুলি অত্যুৎসাহী ৰাজনৈতিক বিশ্লেষকে মন্তব্য প্ৰকাশ কৰিছে।

ইফালে ৰাহুল গান্ধী আৰু তেওঁৰ সতীৰ্থৰ এই ব্যাপক প্ৰভাৱৰ কথা মুখেৰে নকলেও কামেৰে যেন লাহে লাহে স্বীকাৰ কৰিছে বিজেপিয়ে।

India এই চাপ সহ্য কৰিব নোৱাৰি খুদ বিজেপি দলেই নামিছে ৰাজপথত। দেশত বোধকৰোঁ এইয়া প্ৰথম ঘটনা। যাৰ চৰকাৰ, সেই চৰকাৰৰ দলেই দেশত চলা অৰাজকতাৰ বিৰুদ্ধে ৰাজপথত বিদ্ৰোহ কৰিছে।

ইতিমধ্যেই, বিজেপিৰ এই বিদ্ৰোহক ইতিকিংসূচক মন্তব্য আৰু কটাক্ষৰে ভৰাই পেলাইছে X handle , Instragram ৰ দৰে সামাজিক মাধ্যমত।থতমত খাইছে বিজেপিৰ কৰ্মকৰ্তাই। উল্লেখ্য যে ২০২৩ চনত NDA চৰকাৰে সংসদত এনেকুৱা এখন বিল পাছ কৰি লৈছিল য’ত মূখ্য নিৰ্বাচনী বিষয়াক চুপ্ৰিম পাৱাৰ প্ৰদান কৰা হৈছিল আৰু কোনো অজুহাততে মূখ্য নিৰ্বাচনী বিষয়া লোক সভা ৰাজ্যসভাৰ অনুমতি অবিহনে বৰ্খাস্ত কৰিব নোৱাৰিব। ফলত দেশজুৰি তীব্ৰ বিতৰ্ক হোৱাৰ পিছতও জ্ঞানেশ কুমাৰ নিজৰ পদবীত নিজেই কৰি আছে অৱস্থান। অৱশ্যে বিৰোধীৰ ভোট চুৰিৰ অপৰাধৰ পৰা হাত সাৰিবলৈ ১৭ কোটি কটা যোৱা ভোট পুনৰ ঘুৰাই অনাৰ আস্থা দিছে মূখ্য নিৰ্বাচনী বিষয়াই ।

তথাপি ,ক্ষান্ত হোৱা নাই ৰাহুল গান্ধী। ইটোৰ পিছত সিটো মাষ্টাৰ স্টোক মাৰি আছে INDIA ই। এফালে Cockroach Janata Party ৰ নেতৃত্বৰে যুৱ প্ৰজন্মৰ “হাল্লা বোল” আৰু আনফালে ৰাহুল – মমতা -অখিলেশ-তেজস্বী যাদৱহতৰ ৰাজপথৰ বিদ্ৰোহ ভেটি কঁপাই তুলিছে বিজেপিৰ। অচিৰেই সচাঁকৈ য়ে হ’ব নেকি ৰাজনৈতিক গৃহত অঘটন।এইয়াই এতিয়া ডাঙৰ প্ৰশ্ন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button