NATIONAL

‘বিকশিত ভাৰত যুৱ সংসদ ২০২৬-২৭’, ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’

ৰাজ্যিক • নলবাৰী • ৩ নৱেম্বৰ ২০২৬

যুৱ প্ৰজন্মৰ মাজত গণতান্ত্ৰিক মূল্যবোধ, ৰাজনৈতিক সচেতনতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ‘মাই ভাৰত’ (Mera Yuva Bharat)ৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব ‘বিকশিত ভাৰত যুৱ সংসদ ২০২৬-২৭’। অহা ৭ নৱেম্বৰ, ২০২৬ তাৰিখে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত জিলা পৰ্যায়ৰ এই যুৱ সংসদৰ আয়োজন কৰা হৈছে।

এই কাৰ্যসূচীৰ মূল বিষয়বস্তু হৈছে ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ (One Nation, One Election)। দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ সংস্কাৰ, গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নীতি-নিৰ্ধাৰণৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ বিষয়টোক কেন্দ্ৰ কৰি যুৱক-যুৱতীসকলে নিজৰ যুক্তি, মতামত আৰু দৃষ্টিভংগী বক্তৃতাৰ জৰিয়তে উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে, এই যুৱ সংসদৰ জৰিয়তে যুৱ প্ৰজন্মক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে গভীৰভাৱে চিন্তা-চৰ্চা কৰিবলৈ আৰু সমসাময়িক ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিবলৈ এখন মঞ্চ প্ৰদানৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ জিলা পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিজৰ প্ৰতিভা আৰু বক্তব্য দাঙি ধৰাৰ সুযোগ লাভ কৰাটো এই কাৰ্যসূচীৰ অন্যতম বিশেষত্ব।

আয়োজকসকলৰ তথ্য অনুসৰি, ১৮ৰ পৰা ২৫ বছৰ বয়সৰ যুৱক-যুৱতীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ১৭ আগষ্ট, ২০২৬ তাৰিখৰ হিচাপত নিৰ্ধাৰিত বয়সৰ যোগ্যতা পূৰণ কৰা আগ্ৰহী অংশগ্ৰহণকাৰীসকলে মাই ভাৰতৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব।

ইতিমধ্যে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৯ নৱেম্বৰ, ২০২৬ তাৰিখে পুৱা ১০ বজালৈকে আবেদন গ্ৰহণ কৰা হ’ব। আগ্ৰহীসকলে অধিক তথ্যৰ বাবে মাই ভাৰতৰ অফিচিয়েল পৰ্টেল https://mybharat.gov.in/ পৰিদৰ্শন কৰিব পাৰিব। লগতে “mybharatnalbari@gmail.com” ই-মেইল ঠিকনাতো আয়োজক সমিতিৰ সৈতে যোগাযোগ কৰিব পাৰিব।

যুৱ সমাজৰ চিন্তা, যুক্তি আৰু নেতৃত্বৰ দক্ষতাক এখন বৃহৎ মঞ্চলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ‘বিকশিত ভাৰত যুৱ সংসদ ২০২৬-২৭’ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

  • মৃদুল কলিতা।
    সংবাদকৰ্মী, নলবাৰী

( মূল উৎস: https://mybharat.gov.in/,”mybharatnalbari@gmail.com“)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button