বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষত ইলন মাস্ক, দ্বিতীয় স্থানত জেফ বেজোছ

আন্তঃৰাষ্ট্ৰীয় • ২ নৱেম্বৰ, ২০২৬
বিশ্বৰ ধনী ব্যক্তিসকলৰ সম্পদৰ পৰিমাণ আৰু স্থানৰ সালসলনিয়ে পুনৰ চৰ্চা লাভ কৰিছে। প্ৰযুক্তি উদ্যোগ, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ গৱেষণা, অনলাইন বাণিজ্য আৰু বিনিয়োগৰ জৰিয়তে বিশ্বৰ কেইবাগৰাকীও উদ্যোগপতিয়ে বিপুল সম্পদ গঢ়ি তুলিছে।
বিশ্বৰ ধনী ব্যক্তিসকলৰ সম্পদৰ পৰিমাণ উল্লেখ কৰা এখন তালিকা সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে। তালিকাখনত প্ৰযুক্তি, ই-কমাৰ্চ, বিনিয়োগ আৰু বিলাসী সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত কেইবাগৰাকীও উদ্যোগপতিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইলন মাস্কক শীৰ্ষস্থানত দেখুওৱা এই তালিকাত উল্লেখ কৰা ধনৰ পৰিমাণ আৰু স্থানক্ৰমৰ সৈতে ফৰ্বছৰ ২০২৬ চনৰ বাৰ্ষিক তালিকাৰ অমিল আছে।প্ৰচাৰিত তালিকাখনৰ দাবী অনুসৰি, ইলন মাস্কৰ সম্পদৰ পৰিমাণ ২৮ লাখ কোটি টকা। মাৰ্ক জুকাৰবাৰ্গ আৰু জেফ বেজোছৰ সম্পদ ১৮ লাখ কোটি টকাকৈ উল্লেখ কৰা হৈছে। একেদৰে লেৰী এলিছনৰ ১৬ লাখ কোটি টকা আৰু বাৰ্নাৰ্ড আৰ্নল্টৰ ১৫ লাখ কোটি টকাৰ সম্পদ থকা বুলি দেখুওৱা হৈছে।
ফৰ্বছ’ৰ ২৭ অক্টোবৰ, ২০২৬ তাৰিখৰ তাৎক্ষণিক ধনকুবেৰৰ তালিকাত ইলন মাস্কে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে। জেফ বেজোছ দ্বিতীয়, লেৰী পেজ তৃতীয়, মাইকেল ডেল চতুৰ্থ আৰু ছাৰ্গেই ব্ৰিন পঞ্চম স্থানত আছে। এই তালিকাত সম্পদৰ পৰিমাণ আমেৰিকান ডলাৰত প্ৰকাশ কৰা হৈছে আৰু শ্বেয়াৰ বজাৰৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ সালসলনি ঘটে।
ফৰ্বছ’ৰ ২৭ অক্টোবৰ, ২০২৬ তাৰিখৰ তাৎক্ষণিক ধনকুবেৰৰ তালিকাত ইলন মাস্কে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে। জেফ বেজোছ দ্বিতীয়, লেৰী পেজ তৃতীয়, মাইকেল ডেল চতুৰ্থ আৰু ছাৰ্গেই ব্ৰিন পঞ্চম স্থানত আছে। এই তালিকাত সম্পদৰ পৰিমাণ আমেৰিকান ডলাৰত প্ৰকাশ কৰা হৈছে আৰু শ্বেয়াৰ বজাৰৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ সালসলনি ঘটে।
ক্ৰম অনুসৰি বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী ব্যক্তি:
- ইলন মাস্ক:(আনুমানিক সম্পদ: ৮৮৬.৮ বিলিয়ন মাৰ্কিন ডলাৰ)
ইলেক্ট্ৰিক গাড়ী নিৰ্মাণকাৰী টেছলা আৰু মহাকাশ গৱেষণা প্ৰতিষ্ঠান স্পেচএক্সৰ সৈতে জড়িত ইলন মাস্কে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰিছে।
- জেফ বেজোছ: (আনুমানিক সম্পদ: ৩৬১.৩ বিলিয়ন মাৰ্কিন ডলাৰ)
অনলাইন বাণিজ্য প্ৰতিষ্ঠান আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে। তেওঁৰ মহাকাশ গৱেষণাৰ উদ্যোগ ব্লু অৰিজিনো পৰিচিত।
- লেৰী পেজ: (আনুমানিক সম্পদ: ২৩২.৭ বিলিয়ন মাৰ্কিন ডলাৰ ৰ পৰা ২৪৮ বিলিয়ন মাৰ্কিন ডলাৰ)
গুগলৰ সহ-প্ৰতিষ্ঠাপক লেৰী পেজে ইণ্টাৰনেট অনুসন্ধান প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে বিশ্বৰ অন্যতম ধনী উদ্যোগপতি হিচাপে পৰিচিতি লাভ কৰিছে।
- মাইকেল ডেল :(আনুমানিক সম্পদ: ২৪২ বিলিয়ন মাৰ্কিন ডলাৰ)
কম্পিউটাৰ আৰু তথ্য-প্ৰযুক্তি উদ্যোগৰ অন্যতম পৰিচিত নাম মাইকেল ডেল। ডেল টেকন’লজিছৰ জৰিয়তে তেওঁ বিশ্বৰ আগশাৰীৰ ধনী ব্যক্তিৰ মাজত স্থান লাভ কৰিছে।
- ছাৰ্গেই ব্ৰিন: (আনুমানিক সম্পদ: ২২৮ বিলিয়ন মাৰ্কিন ডলাৰ ৰ পৰা ২৫৭.১ বিলিয়ন মাৰ্কিন ডলাৰ)
গুগলৰ আন এগৰাকী সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনে প্ৰযুক্তি আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
- মাৰ্ক জুকাৰবাৰ্গ: (আনুমানিক সম্পদ: ২১১.৪ বিলিয়ন মাৰ্কিন ডলাৰ ৰ পৰা ২২২ বিলিয়ন মাৰ্কিন ডলাৰ)
ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক আৰু মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে সামাজিক মাধ্যম আৰু ডিজিটেল যোগাযোগৰ জগতত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে।
- জেনছেন হুৱাং : (আনুমানিক সম্পদ: ১৮০ বিলিয়ন মাৰ্কিন ডলাৰ ৰ পৰা ২০৩ বিলিয়ন মাৰ্কিন ডলাৰ)
এনভিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জেনছেন হুৱাং কৃত্ৰিম বুদ্ধিমত্তা, গ্ৰাফিক্স প্ৰচেছিং আৰু উন্নত কম্পিউটিং প্ৰযুক্তিৰ সৈতে জড়িত।
- লেৰী এলিছন: (আনুমানিক সম্পদ: ১৭১.৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১৮৪ বিলিয়ন মাৰ্কিন ডলাৰ)
তথ্য-ভাণ্ডাৰ, ব্যৱসায়িক ছফ্টৱেৰ আৰু ক্লাউড প্ৰযুক্তিৰ ক্ষেত্ৰত পৰিচিত অৰেকল প্ৰতিষ্ঠানৰ সহ-প্ৰতিষ্ঠাপক লেৰী এলিছন।
- ষ্টিভ বালমাৰ: (আনুমানিক সম্পদ: ১৮৩ বিলিয়ন ডলাৰ ৰ পৰা ১৮৬ বিলিয়ন মাৰ্কিন ডলাৰ)
মাইক্ৰ’ছফ্টৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ষ্টিভ বালমাৰে প্ৰযুক্তি উদ্যোগত দীৰ্ঘদিনীয়া নেতৃত্বৰ জৰিয়তে বিপুল সম্পদ গঢ়ি তুলিছে।
- ৱাৰেন বাফেট:(আনুমানিক সম্পদ: ১৫৫ বিলিয়ন মাৰ্কিন ডলাৰ)
দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে বিশ্বজুৰি পৰিচিত ৱাৰেন বাফেট বাৰ্কশ্বায়াৰ হেথৱেৰ সৈতে জড়িত। তেওঁ বিশ্বৰ অন্যতম সফল বিনিয়োগকাৰী হিচাপে পৰিচিত।
(ফৰ্বছে বাৰ্ষিক তালিকাৰ লগতে ‘ৰিয়েল টাইম বিলিয়নেয়াৰ্ছ’ তালিকাও প্ৰকাশ কৰে। এই তালিকাত সম্পদৰ মূল্যৰ পৰিৱৰ্তন অনুসৰি স্থানক্ৰম সলনি হ’ব পাৰে। সেয়েহে বেলেগ বেলেগ সময়ত প্ৰকাশিত দুটা তালিকাৰ পৰিমাণ একে নোহোৱাটো স্বাভাৱিক।)
ফৰ্বছৰ বাৰ্ষিক তালিকাত পৃথক ছবি
ফৰ্বছে ১০ মাৰ্চ, ২০২৬ত প্ৰকাশ কৰা বাৰ্ষিক বিশ্ব ধনী ব্যক্তিৰ তালিকা অনুসৰি, ইলন মাস্ক প্ৰথম স্থানত আছে। তালিকাখনত তেওঁৰ আনুমানিক সম্পদ ৮৩৯ বিলিয়ন মাৰ্কিন ডলাৰ বুলি উল্লেখ কৰা হৈছে। দ্বিতীয় স্থানত লেৰী পেজ আৰু তৃতীয় স্থানত চাৰ্গেই ব্ৰিন আছে। তেওঁলোকৰ সম্পদ ক্ৰমে ২৫৭ বিলিয়ন আৰু ২৩৭ বিলিয়ন মাৰ্কিন ডলাৰ। জেফ বেজোছ ২২৪ বিলিয়ন ডলাৰেৰে চতুৰ্থ আৰু মাৰ্ক জুকাৰবাৰ্গ ২২২ বিলিয়ন ডলাৰেৰে পঞ্চম স্থানত আছে।
ইয়াৰ পৰা স্পষ্ট হয় যে সামাজিক মাধ্যমত প্ৰচাৰিত তালিকাৰ স্থানক্ৰম ফৰ্বছৰ উক্ত বাৰ্ষিক তালিকাৰ সৈতে একে নহয়। বিশেষকৈ লেৰী পেজ আৰু চাৰ্গেই ব্ৰিনৰ স্থানৰ ক্ষেত্ৰত এই পাৰ্থক্য দেখা যায়। অৱশ্যে কেৱল এই অমিলৰ ভিত্তিতে প্ৰচাৰিত তালিকাখন কেতিয়া প্ৰস্তুত কৰা হৈছিল বা ইয়াৰ মূল তথ্য ক’ৰ পৰা লোৱা হৈছিল, সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰি।অৱশ্যে, এইসকল ব্যক্তিৰ সম্পদৰ বৃহৎ অংশ শ্বেয়াৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকীস্বত্ব আৰু অন্যান্য বিনিয়োগৰ সৈতে জড়িত। সেয়েহে শ্বেয়াৰ বজাৰৰ উত্থান-পতন আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ মূল্যৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ সম্পদৰ পৰিমাণ আৰু স্থান সলনি হৈ থাকিব পাৰে।
ফৰ্বছৰ বাৰ্ষিক তালিকাখন ১ মাৰ্চ, ২০২৬ৰ শ্বেয়াৰৰ মূল্য আৰু মুদ্ৰাৰ বিনিময় হাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। অৰ্থাৎ ই এক নিৰ্দিষ্ট সময়ৰ সম্পদৰ আনুমানিক ছবি; প্ৰকাশৰ পাছৰ প্ৰতিদিনৰ সম্পদৰ পৰিমাণ এই তালিকাই প্ৰতিফলিত নকৰে।
(সম্পাদকীয় টোকা: এই প্ৰতিবেদনত ফৰ্বছৰ ২০২৬ চনৰ বাৰ্ষিক তালিকা তুলনাৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াত উল্লেখ কৰা বাৰ্ষিক সম্পদৰ পৰিমাণসমূহ ১ মাৰ্চ, ২০২৬ৰ মূল্যায়ন; প্ৰকাশৰ দিনৰ দৈনিক সম্পদৰ হিচাপ নহয়।)




