NATIONAL

তামিলনাডুত প্ৰাক্তন শিক্ষামন্ত্ৰী গ্ৰেপ্তাৰ

বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ দিনতে প্ৰাক্তন শিক্ষামন্ত্ৰী গ্ৰেপ্তাৰ

DMK নেতা অনবিল মহেশ পোয়্যামোঝিক গ্ৰেপ্তাৰ

ব্যক্তিগত বিদ্যালয়ৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

চৰকাৰী স্বীকৃতি আৰু অনুমোদনৰ নামত কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ

আগতীয়া জামিনৰ আবেদন নাকচ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ

চেন্নাই চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত নতুন মোৰ

গোচৰটোত পঞ্চম অভিযুক্ত হিচাপে নাম অন্তৰ্ভুক্ত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ

২০২১ৰ পৰা ২০২৬ৰ কাৰ্যকালক লৈ তদন্ত অব্যাহত

তামিলনাডুৰ ৰাজনীতিত নতুন চৰ্চা! বিজয় নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা DMKৰ জ্যেষ্ঠ নেতা অনবিল মহেশ পোয়্যামোঝিক। ব্যক্তিগত বিদ্যালয়সমূহক চৰকাৰী স্বীকৃতি, বিদ্যালয় উন্নীতকৰণ আৰু ভৱন নিৰ্মাণৰ অনুমোদন প্ৰদানৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক।

প্ৰকাশিত বাতৰি অনুসৰি, আগতীয়া জামিন বিচাৰি পোয়্যামোঝিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু ন্যায়াধীশ ভি লক্ষ্মীনাৰায়ণনে তেওঁৰ আবেদন নাকচ কৰে। গোচৰটোৰ তদন্তকাৰী চেন্নাই চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে আদালতত যুক্তি দিছিল যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জড়িত থকাৰ ইংগিত দিয়া পৰ্যাপ্ত তথ্য তদন্তকাৰীৰ হাতত আছে আৰু অধিক জেৰাৰ প্ৰয়োজন।

আৰক্ষীৰ অভিযোগ অনুসৰি, বি টি আৰাসাকুমাৰ নামৰ এজন ব্যক্তিৰ নেতৃত্বত এটা পঞ্জীয়নবিহীন সংগঠনে ব্যক্তিগত বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহৰ পৰা ধন সংগ্ৰহ কৰিছিল। চৰকাৰী স্থায়ী স্বীকৃতি, বিদ্যালয় উন্নীতকৰণ আৰু ভৱন নিৰ্মাণৰ অনুমোদন প্ৰদানৰ প্ৰতিশ্ৰুতি দি এই ধন সংগ্ৰহ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

এই অভিযোগৰ সৈতে ২০২১ৰ পৰা ২০২৬ চনলৈ অনবিল মহেশ পোয়্যামোঝিৰ মন্ত্ৰিত্বৰ কাৰ্যকালক সংযোগ কৰি তদন্ত চলোৱা হৈছে। গোচৰটোত তেওঁক পঞ্চম অভিযুক্ত হিচাপে নামভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ১৬ ছেপ্টেম্বৰত চেন্নাই চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে চেন্নাই আৰু তিৰুচিৰ পোয়্যামোঝিৰ সৈতে সম্পৰ্কিত কেইবাটাও স্থানত তালাচী চলাইছিল। ইয়াৰ ভিতৰত তিৰুচিৰ থেন্নুৰ আন্না নগৰত থকা তেওঁৰ বাসগৃহও আছিল।

DMKৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিচিত পোয়্যামোঝি বিৰোধী দলপতি তথা DMK নেতা উদয়নিধি ষ্টেলিনৰ ঘনিষ্ঠ সহযোগী বুলিও বাতৰিত উল্লেখ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button