NATIONAL

ভাৰতৰ মহাকাশ গৱেষণাত আন এক সফলতা; NVS-03 উপগ্ৰহ উৎক্ষেপণ ISROৰ

ৰাষ্ট্ৰীয়, নতুন দিল্লী, ২ নৱেম্বৰ ২০২৬

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ই। ২০২৬ চনৰ ৩০ অক্টোবৰৰ নিশা ১১ বাজি ৫১ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা GSLV-F18 ৰকেটৰ সহায়ত NVS-03 নামৰ অত্যাধুনিক নেভিগেশ্যন উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰা হয়।

এই অভিযানটো ভাৰতৰ GSLV ৰকেটৰ ২০ সংখ্যক উৰণ হিচাপে চিহ্নিত হৈছে। উৎক্ষেপণৰ পাছত উপগ্ৰহটোক নিৰ্ধাৰিত Geosynchronous Transfer Orbit (GTO)-ত স্থাপন কৰা হয়। পৰৱৰ্তী সময়ত ৩১ অক্টোবৰত উপগ্ৰহটোৰ প্ৰথমটো কক্ষপথ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াও সফলতাৰে সম্পন্ন কৰা হয়। ISROৰ তথ্য অনুসৰি, বৰ্তমান উপগ্ৰহটোৰ স্বাস্থ্য স্বাভাৱিক অৱস্থাত আছে।

NVS-03 হৈছে ভাৰতৰ নিজস্ব উপগ্ৰহ-ভিত্তিক দিশ-নিৰ্ণয় ব্যৱস্থা ‘NavIC’ (Navigation with Indian Constellation)-ৰ দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ শৃংখলাৰ তৃতীয়টো উপগ্ৰহ। এই উপগ্ৰহত থলুৱাভাৱে নিৰ্মিত পাৰমাণৱিক ঘড়ী (Indigenous Atomic Clock) সংযোজন কৰা হৈছে। ইয়াৰ উপৰি পূৰ্বৰ L5 আৰু S বেণ্ডৰ সংকেতৰ লগতে নতুনকৈ L1 বেণ্ডৰ সংকেতো সংযোজন কৰা হৈছে, যিয়ে নেভিগেশ্যন ব্যৱস্থাৰ সক্ষমতা অধিক শক্তিশালী কৰাত সহায় কৰিব।

উল্লেখ্য যে, NavIC ব্যৱস্থাই ভাৰতৰ মূল ভূখণ্ডৰ লগতে দেশৰ সীমাৰ পৰা প্ৰায় ১,৫০০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত অৱস্থান নিৰ্ণয়, দিশ-নিৰ্দেশনা আৰু সময় সম্পৰ্কীয় সেৱা প্ৰদানৰ লক্ষ্যৰে কাম কৰে। এই ব্যৱস্থাই যান-বাহন পৰিচালনা, সামুদ্ৰিক যাতায়াত, বিমান পৰিবহণ, দুৰ্যোগ ব্যৱস্থাপনা আৰু বিভিন্ন কৌশলগত ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

NVS-03 উপগ্ৰহৰ সফল উৎক্ষেপণে দেশৰ নিজস্ব উপগ্ৰহ-ভিত্তিক দিশ-নিৰ্ণয়(Navigation) ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্যকো এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button