ফ্ল’ৰিডাত ভয়ংকৰ বিমান দুৰ্ঘটনা, ৯জনৰ মৃত্যু; সুৰক্ষাৰ স্বাৰ্থত স্থানান্তৰ ৬০০ বাসিন্দাক

মিছাইলৰ দৰে তীব্ৰ গতিত তললৈ নামি আহি ৰাজপথত খুন্দা মাৰে এখন যাত্ৰীবাহী বিমান জেটে
আন্তঃৰাষ্ট্ৰীয় সংবাদ | ২ নৱেম্বৰ, ২০২৬
আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এক শোকাৱহ বিমান দুৰ্ঘটনা। এখন ব্যক্তিগত বিজনেছ জেটে ৰাজপথত খুন্দা মাৰি বিধ্বস্ত হোৱাৰ ফলত বিমানখনত থকা ৯জন লোকৰ আটাইকেইজনৰ মৃত্যু হয়। দেওবাৰে (১ নৱেম্বৰ) দুপৰীয়া প্ৰায় ১২.৫০ বজাত ফ্ল’ৰিডাৰ পাম বিচ কাউণ্টিৰ গ্ৰীণএকৰ্ছ আৰু ক্ৰেষ্টেভেনৰ সমীপত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল Learjet 60 নামৰ এখন ব্যক্তিগত বিজনেছ জেট। বিমানখন টেক্সাছৰ অষ্টিন-বাৰ্গষ্ট্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাহামাছৰ নৰ্থ এলিউথেৰা বিমানবন্দৰ অভিমুখে গৈ আছিল। বিমানখনত মুঠ ৯জন লোক আছিল। আমেৰিকাৰ পৰিবহণ সচিব ছিন ডাফীয়ে বিমানখনৰ আটাইকেইজন আৰোহীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।
দুৰ্ঘটনাৰ ফলত ৰাজপথৰ এটা অংশত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিমানখনৰ ধ্বংসাৱশেষ আৰু কংক্ৰিটৰ টুকুৰা চাৰিওফালে সিঁচৰতি হৈ পৰে। ঘটনাস্থলীত সৃষ্টি হোৱা ভয়ংকৰ অগ্নিকাণ্ড আৰু ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। ইফালে, দুৰ্ঘটনাস্থলীৰ সমীপৱৰ্তী আৱাসিক অঞ্চলৰ প্ৰায় ৬০০ বাসিন্দাক সুৰক্ষাৰ স্বাৰ্থত স্থানান্তৰ কৰে প্ৰশাসনে। উদ্ধাৰ আৰু তদন্তকাৰী দলৰ কাম-কাজৰ সুবিধাৰ্থে Military Trail পথৰ এটা অংশও বন্ধ কৰি দিয়া হয়। প্ৰাথমিক তথ্য অনুসৰি, বিমানখনৰ আৰোহীসকলৰ বাহিৰে মাটিত থকা আন লোকৰ কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই।
দুৰ্ঘটনাৰ আঁৰৰ কাৰণ
বিমান দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। প্ৰাৰম্ভিক সংবাদ প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাৰ পূৰ্বে বিমানখনৰ পাইলটে বতৰৰ প্ৰতিকূল পৰিস্থিতি, বিমানখনত বৰফ জমা হোৱা আৰু অশান্ত বায়ুপ্ৰবাহৰ বিষয়ে বিমান নিয়ন্ত্ৰণ কক্ষক অৱগত কৰিছিল। আনকি অধিক উচ্চতালৈ যোৱাৰ অনুমতিও বিচাৰিছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰিস্থিতিসমূহৰ সৈতে দুৰ্ঘটনাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখ্য যে, আমেৰিকাৰ Federal Aviation Administration (FAA) আৰু National Transportation Safety Board (NTSB)-এ ইতিমধ্যে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ সময়ত বিমানখনৰ কাৰিকৰী অৱস্থা, উৰণ সম্পৰ্কীয় তথ্য, বতৰৰ পৰিস্থিতি আৰু পাইলটৰ সিদ্ধান্তকে ধৰি বিভিন্ন দিশ পৰীক্ষা কৰা হ’ব।
এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে বিমান দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু আনুষংগিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
মূল উৎস:Reuters, Associated Press (AP), Palm Beach County Fire Rescue and National Transportation Safety Board (NTSB).




