খোৱাপানীত নাইট্ৰেটৰ মাত্ৰাক লৈ বিশ্বজুৰি উদ্বেগ, পুৰণি নিৰাপত্তা মানদণ্ড সংশোধনৰ আহ্বান WHO ক

আন্তঃৰাষ্ট্ৰীয় • জেনেভা • ৩ নৱেম্বৰ ২০২৬
নাইট্ৰেটৰ কম মাত্ৰাৰ দীৰ্ঘম্যাদী সংস্পৰ্শৰ সৈতে অন্ত্ৰৰ কৰ্কট ৰোগ আৰু অকাল প্ৰসৱৰ সম্ভাৱ্য সম্পৰ্কৰ কথা উল্লেখ ৮৫টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ। শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সুৰক্ষাক লৈ বিশেষ উদ্বেগ।
বিশুদ্ধ খোৱাপানীৰ সুৰক্ষাক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে। খোৱাপানীত নাইট্ৰেটৰ উপস্থিতিৰ ফলত মানৱ স্বাস্থ্যৰ ওপৰত পৰা সম্ভাৱ্য দীৰ্ঘম্যাদী প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাক (WHO) বৰ্তমানৰ নিৰাপত্তা মানদণ্ড পুনৰীক্ষণ কৰাৰ আহ্বান জনাইছে ৮৫টা আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য, পৰিৱেশ আৰু খাদ্য সম্পৰ্কীয় সংগঠনে।

এই সন্দৰ্ভত সংগঠনকেইটাই WHOলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে। Greenpeace International, International Panel of Experts on Sustainable Food Systems (IPES-Food) আৰু World Organization of Family Doctors (WONCA)কে ধৰি কেইবাটাও আগশাৰীৰ সংগঠনে এই পদক্ষেপত অংশগ্ৰহণ কৰিছে। সংগঠনসমূহৰ মতে, খোৱাপানীত নাইট্ৰেটৰ নিৰাপদ মাত্ৰা নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যৱহৃত বৰ্তমানৰ মানদণ্ড বহু পুৰণি আৰু শেহতীয়া বৈজ্ঞানিক গৱেষণাৰ তথ্যৰ সৈতে ইয়াৰ পুনৰ মূল্যায়ন কৰাটো জৰুৰী হৈ পৰিছে।
উল্লেখ্য যে WHOৰ খোৱাপানীৰ নিৰ্দেশনা অনুসৰি নাইট্ৰেটৰ নিৰ্ধাৰিত সীমা প্ৰতি লিটাৰ পানীত ৫০ মিলিগ্ৰাম (50 mg/L)। এই মানদণ্ডৰ ঐতিহাসিক ভিত্তি ১৯৫৮ চনৰ WHOৰ International Standards for Drinking-water-ৰ সৈতে জড়িত। মূলতঃ শিশুৰ শৰীৰত নাইট্ৰেটৰ প্ৰভাৱৰ ফলত দেখা দিব পৰা Methemoglobinemia বা ‘Blue Baby Syndrome’ প্ৰতিৰোধৰ লক্ষ্যৰে এই সীমা নিৰ্ধাৰণ কৰা হৈছিল।
কিন্তু ,শেহতীয়া কেইবাটাও মহামাৰী-বিজ্ঞানভিত্তিক গৱেষণাত নিৰ্ধাৰিত সীমাতকৈ কম মাত্ৰাৰ নাইট্ৰেটৰ দীৰ্ঘম্যাদী সংস্পৰ্শৰ সৈতেও কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱ্য সম্পৰ্কৰ কথা পোহৰলৈ আহিছে। বিশেষকৈ অন্ত্ৰৰ কৰ্কট ৰোগ (Colorectal Cancer), অকাল প্ৰসৱ (Preterm Birth) আৰু জন্মগত বিসংগতিৰ আশংকাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সুৰক্ষাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।
বিশেষজ্ঞসকলৰ মতে, কৃষিক্ষেত্ৰত অত্যাধিক নাইট্ৰজেন সাৰ আৰু নিবিড় পশুপালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনা মাটি আৰু ভূগৰ্ভস্থ পানীত মিহলি হৈ নাইট্ৰেট প্ৰদূষণৰ অন্যতম কাৰণ হৈ পৰিছে। ইয়াৰ ফলত কেৱল খোৱাপানীৰ গুণগত মানেই নহয়, নদ-নদী, জলজ পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকা আছে।
ইফালে, ডেনমাৰ্ক চৰকাৰৰ উদ্যোগত গঠন কৰা এটা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ পেনেলে ২০২৫ চনত প্ৰকাশ কৰা প্ৰতিবেদনত বৰ্তমানৰ নাইট্ৰেটৰ নিৰাপত্তা সীমা পুনৰ বিবেচনাৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছিল। পেনেলটোৱে খোৱাপানীত নাইট্ৰেটৰ সীমা প্ৰতি লিটাৰত ৬ মিলিগ্ৰামলৈ হ্ৰাস কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ডেনমাৰ্কে ২০২৬ চনত এই পৰামৰ্শৰ আধাৰত নিজৰ ৰাষ্ট্ৰীয় মানদণ্ড সংশোধনৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৩ নৱেম্বৰত পালন কৰা World One Health Dayৰ সৈতে সংগতি ৰাখি সংগঠনসমূহে এই আহ্বান জনাইছে। One Health ধাৰণাটোৱে মানুহৰ স্বাস্থ্য, জীৱ-জন্তুৰ স্বাস্থ্য আৰু পৰিৱেশৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কক গুৰুত্ব দিয়ে।
সংগঠনসমূহে WHOক আগন্তুক খোৱাপানীৰ গুণগত মান সম্পৰ্কীয় নিৰ্দেশনাৰ পুনৰীক্ষণত নাইট্ৰেটৰ বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ মতে, বিশুদ্ধ খোৱাপানীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেৱল বৰ্তমানৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাই নহয়, ইয়াৰ মূল উৎসসমূহৰ ওপৰতো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়।
বিশ্বজুৰি কোটি কোটি লোকৰ বিশুদ্ধ খোৱাপানীৰ ওপৰত নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি নাইট্ৰেট প্ৰদূষণৰ বিষয়টো এতিয়া এক গুৰুত্বপূৰ্ণ জনস্বাস্থ্য আৰু পৰিৱেশজনিত প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। অৱশ্যে ৮৫টা সংগঠনৰ এই আহ্বানৰ পিছত WHOই বৰ্তমানৰ নিৰ্দেশনা সলনি কৰাৰ কোনো চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই।
মূল উৎস :The Straits Times – WHO urged to review drinking water standards amid nitrate health fears আৰু Greenpeace International
