ENTERTAINMENT

বিবাহিত মহিলাৰে প্ৰেম! বলীউডৰ অভিনেতা ইমৰাণ হাশমী চৰ্চাত

News Desk | People’s TV

ৰাষ্ট্ৰীয় • বলীউড • ৩ নৱেম্বৰ ২০২৬

বিবাহপাশত আৱদ্ধ হোৱা ‘ছিৰিয়েল কিছাৰ’ ইমৰাণ হাশমিৰ জীৱনত কোন জনপ্ৰিয় বলীউড অভিনেত্ৰী ? নাম শুনি হতবাক হ’ব আপুনিও

বলীউডৰ জনপ্ৰিয় অভিনেতা ইমৰান হাশমি। পৰ্দাত ঘনিষ্ঠ দৃশ্যত অভিনয় কৰি ‘ছিৰিয়েল কিছাৰ’ৰ পৰিচয় লাভ কৰা অভিনেতাগৰাকীৰ ব্যক্তিগত জীৱনক লৈও সময়ে সময়ে চৰ্চা চলি আহিছে। শৈশৱৰ বান্ধৱীক বিয়া কৰাই প্ৰায় দুটা দশক ধৰি বৈবাহিক জীৱন অতিবাহিত কৰা ইমৰানৰ জীৱনত এসময়ত এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ কথাও প্ৰকাশ পাইছিল।

বৰ্ণিত কাহিনী অনুসৰি, সম্পৰ্কত জড়িত হোৱাৰ সময়ত মহিলাগৰাকী বিবাহিত বুলি জনা নাছিল ইমৰানে। পিছলৈ সেই কথা জানিব পাৰি তেওঁ দ্বিধাগ্ৰস্ত হৈ পৰিছিল। ভুল বুলি অনুভৱ কৰিও সম্পৰ্কৰ পৰা আঁতৰি আহিব পৰা নাছিল অভিনেতাগৰাকী। অৱশেষত মহিলাগৰাকীৰ স্বামীৰ হাতত ধৰা পৰাৰ লগতে মাৰধৰৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলিও কাহিনীটোত উল্লেখ কৰা হৈছে।

বলীউডৰ সৈতে জন্মসূত্ৰে সম্পৰ্ক

১৯৭৯ চনৰ ২৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰিছিল ইমৰান হাশমিয়ে। তেওঁৰ পিতৃ ছইদ আনৱাৰ হাশমি এগৰাকী ব্যৱসায়ী আছিল। অৱশ্যে ১৯৬৮ চনত মুক্তি পোৱা ‘বাহাৰোঁ কি মঞ্জিল’ ছবিত অভিনয় কৰিছিল ইমৰানৰ পিতৃয়ে।

ইমৰানৰ আইতাক মেহেৰবানু মহম্মদ আলিও অভিনয় জগতৰ সৈতে জড়িত আছিল। অৱশ্যে তেওঁ ‘পূৰ্ণিমা’ নামেৰে পৰিচিত আছিল। দুবাৰ বিবাহপাশত আবদ্ধ হোৱা পূৰ্ণিমাৰ দ্বিতীয় স্বামী আছিল প্ৰযোজক-পৰিচালক ভগৱান দাস বর্মা। এই সম্পৰ্কৰ জৰিয়তে ইমৰানৰ সৈতে বলীউডৰ বর্মা পৰিয়ালৰ যোগসূত্ৰ স্থাপন হৈছিল।আনহাতে, ইমৰানৰ আইতাকৰ ভগ্নী শিৰিন মহম্মদ আলি আছিল ভট্ট পৰিয়ালৰ বোৱাৰী। প্ৰযোজক-পৰিচালক মহেশ ভট্ট আৰু মুকেশ ভট্টৰ মাতৃ আছিল শিৰিন। সেই সূত্ৰে ভট্ট পৰিয়ালৰ সৈতেও ইমৰানৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল।

মহেশ ভট্ট, মুকেশ ভট্ট আৰু ৰবীন ভট্টৰ সৈতে ইমৰানৰ পাৰিবাৰিক সম্পৰ্ক আছে। বলীউডৰ অভিনেত্ৰী আলিয়া ভট্ট আৰু পূজা ভট্ট তেওঁৰ সম্পৰ্কীয় ভগ্নী। পৰিচালক সুনীল দৰ্শন, ধৰ্মেশ দৰ্শন আৰু মোহিত ছুৰিও তেওঁৰ সম্পৰ্কীয় ভাই।

অভিনয়ৰ প্ৰতি নাছিল আগ্ৰহ : বলীউডৰ সৈতে জন্মসূত্ৰে সম্পৰ্ক থাকিলেও অভিনয়ৰ প্ৰতি ইমৰানৰ বিশেষ আগ্ৰহ নাছিল। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ সম্পাদনাৰ কামত মনোনিৱেশ কৰিছিল। মহেশ ভট্টৰ কেইবাখনো ছবিৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছিল অভিনেতাগৰাকীয়ে।

কিন্তু, সম্পাদনাৰ কামত আগ্ৰহ হেৰুৱাই পিছলৈ সেই ক্ষেত্ৰ এৰি দিয়ে ইমৰানে। তাৰ পাছত ‘ৰাজ’ আৰু ‘কছুৰ’ৰ দৰে ছবিত মহেশ ভট্টৰ সৈতে সহঃপৰিচালক হিচাপে কাম কৰে।ইমৰানৰ মাজত এগৰাকী দক্ষ অভিনেতাৰ সম্ভাৱনা থকা বুলি বিশ্বাস কৰিছিল মহেশ ভট্টে। তেওঁৰ পৰামৰ্শতেই অভিনয়ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ দিশত আগবাঢ়িছিল ইমৰান হাশমি।

অভিনয়ৰ জগতত প্ৰৱেশ কৰাৰ পিছত ঘনিষ্ঠ দৃশ্যত অভিনয়ৰ বাবে ‘ছিৰিয়েল কিছাৰ’ৰ তকমা লাভ কৰা ইমৰান আজি বলীউডৰ পৰিচিত অভিনেতাসকলৰ ভিতৰত অন্যতম।

( মূল উৎস :anandbazar.com )

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button