NATIONAL

গেংষ্টাৰৰ ভাবুকিত কঁপিছে বলীউড! বিগ বিৰ সুৰক্ষাক লৈ চৰ্চা

ৰাষ্ট্ৰীয় • বলীউড • ৩ নৱেম্বৰ ২০২৬

গেংষ্টাৰৰ ভাবুকি, বলীউডৰ নিৰাপত্তা আৰু দেশৰ আইন-শৃংখলাক লৈ নতুনকৈ চৰ্চা

বলীউডৰ বিগ বি অমিতাভ বচ্চন। দশকজোৰা অভিনয় জীৱনত অসংখ্য চৰিত্ৰৰে দৰ্শকৰ হৃদয় জয় কৰা ৮৪ বছৰীয়া অভিনেতাগৰাকীৰ শেহতীয়া এটা ভিডিঅ’ই দেশজুৰি সৃষ্টি কৰিছে চৰ্চাৰ। ভিডিঅ’টোত বুলেটপ্ৰুফ কাঁচৰ সুৰক্ষিত আৱৰণৰ ভিতৰৰ পৰা অনুৰাগীসকলক অভিবাদন জনোৱা দেখা গৈছে বিগ বিক। আনহাতে, পিতৃৰ কাষত উপস্থিত থকা দেখা গৈছে পুত্ৰ অভিষেক বচ্চনক।

অমিতাভ বচ্চনৰ দৰে এগৰাকী প্ৰবীণ অভিনেতাক এনে সুৰক্ষামূলক ব্যৱস্থাৰ মাজত অনুৰাগীৰ সন্মুখলৈ অহা দৃশ্যই বহুজনৰ মনত নিৰাপত্তাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। বিশেষকৈ মুম্বাইৰ দৰে মহানগৰীত এগৰাকী তাৰকাৰ ব্যক্তিগত সুৰক্ষাৰ বাবে এনে ব্যৱস্থাৰ প্ৰয়োজনীয়তাই বলীউডৰ তাৰকাসকলৰ ওপৰত থকা অপৰাধী চক্ৰৰ ভাবুকিৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।

বলীউড আৰু গেংষ্টাৰৰ সম্পৰ্ক নতুন নহয়। অতীতৰ পৰাই মুম্বাইৰ চলচ্চিত্ৰ জগতক লক্ষ্য কৰি বিভিন্ন অপৰাধী চক্ৰৰ ভাবুকি আৰু ধন দাবীৰ অভিযোগ উত্থাপিত হৈ আহিছে। শেহতীয়াকৈ অভিনেতা ছলমান খানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ভাবুকিৰ ঘটনাই এই উদ্বেগ অধিক বৃদ্ধি কৰিছে। লৰেন্স বিষ্ণোই গেঙৰ নামো এই সন্দৰ্ভত চৰ্চালৈ আহিছে।

কিন্তু প্ৰশ্ন হয়, কেন্দ্ৰত শক্তিশালী চৰকাৰ আৰু মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো দেশৰ চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলৰ নিৰাপত্তাক লৈ কিয় বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে? এগৰাকী ৮৪ বছৰীয়া প্ৰবীণ অভিনেতাই অনুৰাগীৰ সন্মুখলৈ আহিবলৈও যদি বিশেষ সুৰক্ষাৰ আশ্ৰয় ল’বলগীয়া হয়, তেন্তে দেশৰ আইন-শৃংখলা ব্যৱস্থাৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক।

ইফালে, অসমতো শেহতীয়াকৈ ঘনকান্তৰ সৈতে জড়িত ঘটনাক কেন্দ্ৰ কৰি অপৰাধ, এনকাউণ্টাৰ আৰু আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত পক্ষসমূহৰ বক্তব্য আৰু তদন্তৰ তথ্যৰ ভিত্তিতহে প্ৰকৃত সত্য স্পষ্ট হ’ব।

এফালে বলীউডৰ তাৰকাৰ নিৰাপত্তাক লৈ উদ্বেগ, আনফালে দেশৰ বিভিন্ন প্ৰান্তত অপৰাধ আৰু আইন-শৃংখলাক লৈ বিতৰ্ক। এই সকলোবোৰ ঘটনাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে—সাধাৰণ নাগৰিকৰ পৰা দেশৰ বিশিষ্ট ব্যক্তিলৈকে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰাত আমাৰ ব্যৱস্থা কিমান সফল? দেশৰ নিৰাপত্তা আৰু আইন-শৃংখলাৰ বাস্তৱ ছবিখনক লৈ এতিয়া নতুনকৈ চৰ্চা আৰম্ভ হৈছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button