নেহৰুবালিত হস্ততাঁত বস্ত্ৰমেলা, ৬০ৰো অধিক বিপণীৰে উজলিব থলুৱা বস্ত্ৰশিল্প

নেহৰুবালিত হস্ততাঁত বস্ত্ৰমেলা, ৬০ৰো অধিক বিপণীৰে উজলিব থলুৱা বস্ত্ৰশিল্প ; বিভাগীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ আনুষ্ঠানিক উদ্ধোধন
ৰাজ্যিক • নগাঁও • ৩ নৱেম্বৰ ২০২৬
ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পক প্ৰসাৰিত কৰাৰ লগতে থলুৱা শিপিনীসকলৰ উৎপাদিত বস্ত্ৰৰ এখন বৃহৎ বজাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা। আৰ্টফেডৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সৌজন্যত আয়োজন কৰা এই বস্ত্ৰমেলাখনি মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে।
উদ্বোধনী অনুষ্ঠানত বিভাগীয় মন্ত্ৰীগৰাকীৰ লগতে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, আৰ্টফেডৰ পৰিচালন সঞ্চালক ময়ূৰী ওজাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ পৰম্পৰাগত হস্ততাঁত বস্ত্ৰশিল্পৰ সংৰক্ষণ, প্ৰসাৰ আৰু শিপিনীসকলৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এনে মেলাৰ গুৰুত্বৰ বিষয়ে চৰ্চা হয়।
উল্লেখযোগ্য, যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিপিনী আৰু বস্ত্ৰ উদ্যোগীসকলৰ উৎপাদিত বস্ত্ৰসমূহ গ্ৰাহকৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই মেলাত ৬০খনতকৈও অধিক বিপণীয়ে অংশগ্ৰহণ কৰিছে। মেলাত অসমৰ পৰম্পৰাগত হস্ততাঁত বস্ত্ৰ, বিভিন্ন আৰ্হিৰ বোৱা-কটা সামগ্ৰী আৰু থলুৱা বস্ত্ৰশিল্পৰ নিদৰ্শন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।
পষেকজোৰাকৈ অনুষ্ঠিত হ’বলগীয়া এই বস্ত্ৰমেলাখনিয়ে স্থানীয় গ্ৰাহকৰ লগতে বস্ত্ৰশিল্পৰ প্ৰতি আগ্ৰহী লোকসকলকো আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। আগন্তুক ১৪ নৱেম্বৰত সামৰণি পৰিবলগীয়া মেলাখনে ৰাজ্যৰ শিপিনীসকলৰ উৎপাদিত সামগ্ৰীৰ বিপণন, থলুৱা শিল্পৰ প্ৰসাৰ আৰু পৰম্পৰাগত বস্ত্ৰশিল্পৰ সংৰক্ষণত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে।
News Desk | People’s TV




