ASSAM

এনকাউণ্টাৰ , এনকাউণ্টাৰ , এনকাউণ্টাৰ !

ৰাজ্যিক • শিৱসাগৰ • ৪ নৱেম্বৰ ২০২৬

অপৰাধ প্ৰৱনতা হ্ৰাস কৰিবলৈ এনকাউণ্টাৰৰ বিকল্প নোহোৱা হৈ আহিছে নেকি?

অপৰাধ প্ৰৱণতা হ্ৰাস কৰিবলৈ এনকাউণ্টাৰৰ বিকল্প নোহোৱা হৈ আহিছে নেকি? একেটা পৰিয়ালৰ পাঁচজনকৈ লোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত ঘনকান্তৰ এনকাউণ্টাৰক লৈ ৰাজ্যজুৰি চৰ্চা। ঘটনাটোক লৈ বহু লোকৰ মাজত দেখা গৈছে সন্তুষ্টিৰ মনোভাৱ। কাৰণ, অপৰাধীৰ কঠোৰ আৰু তাৎক্ষণিক শাস্তি বিচাৰে নিৰপৰাধী জনতাই।


কিন্তু প্ৰশ্ন হয়—আইন-আদালতে তাৎক্ষণিকভাৱে দোষীক দণ্ডিত কৰিব নোৱাৰাৰ বাবেই এনকাউণ্টাৰ জনপ্ৰিয় হৈ পৰিছে নেকি?

ন্যায় লাভৰ দীঘলীয়া প্ৰক্ৰিয়াই জনতাৰ মাজত এনে মনোভাৱৰ সৃষ্টি কৰিছে নেকি?


অপৰাধীৰ কঠোৰ শাস্তিৰ দাবী আৰু আইনৰ শাসনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। অপৰাধ নিয়ন্ত্ৰণৰ নামত এনকাউণ্টাৰেই নেকি একমাত্ৰ বিকল্প, নে দ্ৰুত আৰু স্বচ্ছ ন্যায় ব্যৱস্থাই হ’ব পাৰে ইয়াৰ স্থায়ী সমাধান?

এই সন্দৰ্ভত আপোনাৰ মতামত কি?
এনকাউণ্টাৰ নে আইন-আদালতৰ বিচাৰ?

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button