ASSAM

নলবাৰী আইন মহাবিদ্যালয়ত “জুবিন গাৰ্গ”ৰ আধাৰত অসম ভিত্তিত কুইজ প্ৰতিযোগিতা

সহযাত্ৰী ফাউণ্ডেচনৰ উদ্যোগত আৰু নলবাৰী আইন মহাবিদ্যালয়ৰ সহযোগত “তুমি সুবাস অসমীৰে” কুইজ প্ৰতিযোগিতা

নলবাৰী চহৰৰ আইন মহাবিদ্যালয় চৌহদত সহযাত্ৰী ফাউণ্ডেচনৰ উদ্যোগত আৰু নলবাৰী আইন মহাবিদ্যালয়ৰ সহযোগত “তুমি সুবাস অসমীৰে” শীৰ্ষক হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জীৱন ৰ আধাৰত সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুই শতাধিক প্ৰতিযোগিয়ে উক্ত কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।উল্লেখ্য প্ৰতিযোগিতাত পুৰষ্কাৰ হিচাপে মুঠ ১২০০০ টকা,ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব।

কুইজ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিক্ষাবিদ অনুপ কলিতাই আৰু পৰিচালনা কৰে সোনমণি দাস আৰু সৌৰভ কুমাৰ তালুকদাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button