ASSAM
বোকাজানৰ সৰিয়হজানত ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা দুই যুৱকৰ

বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে দুজন যুৱকৰ।
জানিব পৰা মতে, AS19B 8559 নম্বৰৰ এখন বাহনেৰে সৰিয়হজানৰ পৰা বালিপথাৰ অভিমুখে নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত সৰিয়হজান এ পি ডি চি এল ফিডাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
এই দুৰ্ঘটনাত টিংলিজানৰ বাসিন্দা নিহেশ মাৰাক আৰু মৰাকৰ্দৈগুৰিৰ বাসিন্দা গ্ৰেথিং মাৰাক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পিছতে দুয়োকে ততাতৈয়াকৈ বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।
ইফালে, দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বোকাজান আৰক্ষী। আৰক্ষীয়ে বাহনখন নিজৰ জিম্মাত লোৱাৰ লগতে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
