ASSAMSPORTS

জুবিন গাৰ্গ সোঁৱৰণী ফুটবলৰ ফাইনেলত সোণাপুৰৰ বিজয়ধ্বজা

ৰাজ্যিক • জাগীৰোড • ৩ নৱেম্বৰ ২০২৬

জাগীৰোডৰ সমীপৱৰ্তী টোপাতলীত অনুষ্ঠিত ২১ সংখ্যক ‘জুবিন গাৰ্গ সোঁৱৰণী নক-আউট ফুটবল টুৰ্নামেণ্ট’ৰ চূড়ান্ত খেলখনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে কে এম চি এফ চি সোণাপুৰে। টোপাতলী আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বহু প্ৰত্যাশিত ফাইনেলত সোণাপুৰৰ দলটোৱে মেঘালয়ৰ কম্বাইন এফ চি উমচিয়াঙক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ ট্ৰফি দখল কৰিবলৈ সক্ষম হয়।

তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত দুয়োটা দলৰ খেলুৱৈসকলে আক্ৰমণ আৰু প্ৰতি-আক্ৰমণেৰে খেলপথাৰত এক ৰোমাঞ্চকৰ পৰিৱেশৰ সৃষ্টি কৰে। খেলৰ শেষ মুহূৰ্তলৈকে দুয়োটা দলৰ মাজত চলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। অৱশেষত নিৰ্ণায়ক গ’লটোৰে কে এম চি এফ চি সোণাপুৰে বিজয় সাব্যস্ত কৰে।

ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাস। প্ৰতিযোগিতাৰ অন্তত বিজয়ী আৰু উপ-বিজয়ী দল দুটাক বঁটা প্ৰদান কৰা হয়।

প্ৰথম পুৰস্কাৰ হিচাপে কে এম চি এফ চি সোণাপুৰক নগদ এক লাখ টকা আৰু আকৰ্ষণীয় চলন্ত ট্ৰফী প্ৰদান কৰা হয়। আনহাতে, উপ-বিজয়ী কম্বাইন এফ চি উমচিয়াঙে লাভ কৰে নগদ ৭৫ হাজাৰ টকা আৰু চলন্ত ট্ৰফী।জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত এই প্ৰতিযোগিতাই অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰে।

জাগীৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ প্ৰতিবেদন।

(মূল উৎস: অজিত কুমাৰ বৰদলৈ, সংবাদকৰ্মী )

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button