বাংলাদেশৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত বাংলাদেশী নাগৰিক দেৰগাঁৱৰ নাহৰণিৰ পৰা গ্ৰেপ্তাৰ

ৰাজ্যিক • দেৰগাঁও • ১২ নৱেম্বৰ •২০২৬
DERGAON-001-BANGLADESHI-MURDER-ACCUSED-ARREST
আৰক্ষীৰ অভিযানত দেৰগাঁৱৰ নাহৰণিৰ পৰা গ্ৰেপ্তাৰ হৈছে বাংলাদেশত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত এজন বাংলাদেশী নাগৰিক। ধৃত লোকজনৰ নাম মাছুক মিঞা ওৰফে মাছুক আহমেদ।
প্ৰাপ্ত তথ্য অনুসৰি, ১৯৯০ চনত বাংলাদেশত সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আছিল মাছুক মিঞা। অভিযোগ অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে নিজৰ প্ৰকৃত পৰিচয় গোপন কৰি নাম আৰু পৰিচয় সলনি কৰিছিল তেওঁ।
জানিব পৰা মতে, জাল নথি-পত্ৰ প্ৰস্তুত কৰি ফাৰুক আহমেদ নামৰ পৰিচয়েৰে ভাৰতৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল অভিযুক্তজনে।
শেহতীয়াকৈ, দেৰগাঁৱৰ নাহৰণি অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি থকা অৱস্থাত দেৰগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা লোকজনক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তেওঁৰ প্ৰকৃত পৰিচয়, ভাৰতত আত্মগোপন কৰি থকাৰ উদ্দেশ্য আৰু পূৰ্বৰ অপৰাধমূলক কাৰ্যকলাপ সন্দৰ্ভত তদন্ত চলাই আছে আৰক্ষীয়ে।
এই সন্দৰ্ভত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
প্ৰতিবেদন: নিত্য নিৰঞ্জন বৰা, দেৰগাঁৱৰ পৰা।
News Desk | People’s TV
( Source: IANS )




