আজিৰ পৰা ঐতিহাসিক আউনীআটী সত্ৰত ৩৭৩ সংখ্যক মহাপালনাম মহোৎসৱ, হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰৰ চৌহদ

ৰাজ্যিক •মাজুলী • ১২ নৱেম্বৰ •২০২৬
AUNIATI-SATRA-373RD-MAHAPALNAM-MAHOTSAV-MAJULI
সত্ৰনগৰী মাজুলীত আৰম্ভ হৈছে ভক্তি আৰু আধ্যাত্মিকতাৰ এক অনন্য পৰিৱেশ।
এফালে ৰাস মহোৎসৱৰ আধ্যাত্মিক উছাহ, আনফালে হৰিনামৰ অমৃত ধ্বনি।
আজিৰে পৰা ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৩৭৩ সংখ্যক মহাপালনাম মহোৎসৱ। এই মহোৎসৱক কেন্দ্ৰ কৰি সত্ৰৰ চৌহদত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-বৈষ্ণৱৰ সমাগমেৰে মুখৰিত হৈ পৰিছে সত্ৰৰ আকাশ-বতাহ।
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ অন্যতম প্ৰধান ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱ হিচাপে পৰিচিত আউনীআটী সত্ৰৰ মহাপালনাম মহোৎসৱ। প্ৰতিবছৰে কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱৰ আজি প্ৰথম দিন। প্ৰথম দিনটোতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ উপস্থিতিয়ে মহোৎসৱৰ আধ্যাত্মিক পৰিৱেশ অধিক জীপাল কৰি তুলিছে।
মহাপালনাম মহোৎসৱ উপলক্ষে সত্ৰৰ নামঘৰত অবিৰতভাৱে চলিছে হৰিনাম, নাম-প্ৰসংগ আৰু ভক্তিমূলক কাৰ্যসূচী। ভকত-বৈষ্ণৱসকলৰ একাগ্ৰ নাম-কীৰ্তন আৰু হৰিনামৰ ধ্বনিয়ে সত্ৰৰ চৌহদত সৃষ্টি কৰিছে এক পৱিত্ৰ আৰু ভক্তিময় পৰিৱেশ। দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে মহোৎসৱত অংশগ্ৰহণ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সত্ৰৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰ সৈতে একাত্ম হৈ পৰিছে।
উল্লেখ্য যে, আউনীআটী সত্ৰৰ মহাপালনাম মহোৎসৱ কেৱল এক ধৰ্মীয় অনুষ্ঠানেই নহয়, ই মাজুলীৰ ঐতিহাসিক পৰম্পৰা, সত্ৰীয়া সংস্কৃতি আৰু বৈষ্ণৱ ধৰ্মীয় জীৱনধাৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰতিফলন। বছৰ বছৰ ধৰি এই মহোৎসৱে ভক্তিৰ লগতে সমাজত একতা, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰি আহিছে।
আউনীআটী সত্ৰৰ পালনাম মহোৎসৱৰ সৈতে জড়িত হৈ আছে এক গৌৰৱোজ্জ্বল ঐতিহাসিক পৰম্পৰা। প্ৰচলিত ঐতিহাসিক বিৱৰণ অনুসৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই পালনামৰ পৰম্পৰাই বিশেষ গুৰুত্ব লাভ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজকীয় পৃষ্ঠপোষকতা আৰু সৰ্বজনীন মংগল কামনাৰে ৰাজহুৱাভাৱে পালনাম মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰম্পৰা গঢ় লৈ উঠে। সেই ঐতিহ্য আৰু পৰম্পৰা অটুট ৰাখি বৰ্তমানেও ব্যাপক আয়োজনৰ মাজেৰে উদযাপন কৰা হয় এই মহোৎসৱ।
বিশেষভাৱে উল্লেখযোগ্য যে, আউনীআটী সত্ৰৰ এই ঐতিহাসিক মহাপালনাম মহোৎসৱে কেৱল দেশীয় ভক্ত-দৰ্শনাৰ্থীকেই নহয়, বিদেশী পৰ্যটকসকলকো আকৰ্ষিত কৰিছে। ইংলেণ্ডসহ বিদেশৰ পৰা অহা পৰ্যটকসকলেও মহোৎসৱত অংশগ্ৰহণ কৰি মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সত্ৰৰ আধ্যাত্মিক পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিছে। নামঘৰৰ ভিতৰত ভকত-বৈষ্ণৱসকলৰ একাগ্ৰতা, নাম-কীৰ্তন আৰু ভক্তিৰসে বিদেশী অতিথিসকলকো বিশেষভাৱে আকৰ্ষিত কৰিছে।
মাজুলীৰ ধৰ্মীয় ঐতিহ্য আৰু সত্ৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰতো এনে মহোৎসৱে বিশেষ ভূমিকা পালন কৰি আহিছে।
পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ৩৭৩ সংখ্যক মহাপালনাম মহোৎসৱক লৈ এতিয়া সমগ্ৰ মাজুলীতে বিৰাজ কৰিছে এক উছৱমুখৰ আৰু আধ্যাত্মিক পৰিৱেশ।
মাজুলীৰ পৰা কবিতা বৰাৰ প্ৰতিবেদন।
News Desk | People’s TV
