ASSAM

অসমত SIRৰ প্ৰয়োজন, শুদ্ধ ভোটাৰ তালিকাৰ বাবে NRC সংশোধন হ’ব লাগিব: উৎপল শৰ্মা

ৰাজ্যিক • নগাঁও •১২ নৱেম্বৰ •২০২৬

NAGAON-AASU-UTPAL-SHARMA-SIR-NRC-STATEMENT

অসমত SIR (Special Intensive Revision) প্ৰক্ৰিয়া ৰূপায়ণৰ পোষকতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

এখন নিখুঁত আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ স্বাৰ্থত অসমত NRC-ও সঠিকভাৱে সম্পন্ন হ’ব লাগিব বুলি স্পষ্ট মত প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

নগাঁৱত অনুষ্ঠিত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৫ সংখ্যক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে।

ইয়াৰ লগতে ৰাজ্যত হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে উৎপল শৰ্মাই। হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ বনাঞ্চলত চলি থকা বেদখল উচ্ছেদ কৰাটো প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে।

নগাঁৱৰ পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, বিত্ত সম্পাদক গৌৰী শংকৰ কলিতাকে ধৰি কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে।

নগাঁৱৰ পৰা দিবাকৰ ডেকাৰ প্ৰতিবেদন।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button