জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত ১৬ নৱেম্বৰত বঙাইগাঁৱত আক্ৰাছুৰ বিশাল ধৰ্ণা কাৰ্যসূচী

ৰাজ্যিক • বঙাইগাঁও • ১২ নৱেম্বৰ ২০২৬
AKRSU-BONGAIGAON-PRESS-MEET-ST-STATUS-KAMTAPUR-STATE-PROTEST
জনজাতিকৰণ (ST Status) আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-এ।
অহা ১৬ নৱেম্বৰ, ২০২৬ তাৰিখে বঙাইগাঁৱত সংগঠনটোৰ উদ্যোগত এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

বঙাইগাঁৱত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে এই কাৰ্যসূচী ঘোষণা কৰাৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজক ধৰ্ণা কাৰ্যসূচীত সদলবলে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
সংবাদমেলত আক্ৰাছুৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, ১৯৬৭ চনৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু দীৰ্ঘদিন ধৰি এই দাবী পূৰণ নোহোৱাত সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।
ইয়াৰ সমান্তৰালকৈ অসমৰ ১৪খন আৰু পশ্চিমবংগৰ ৬খন জিলাক সামৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীও পুনৰ উত্থাপন কৰে সংগঠনটোৱে। ভূমি বিচ্ছিন্নতা, ৰাজনৈতিক প্ৰান্তীয়কৰণৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু পৰিচয় সুৰক্ষাৰ প্ৰশ্নক লৈ আন্দোলন অধিক তীব্ৰতৰ কৰাৰ আহ্বান জনায় আক্ৰাছুৱে।
সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত গণতান্ত্ৰিক আন্দোলনৰ ধাৰা অব্যাহত ৰখা হ’ব। আগন্তুক ১৬ নৱেম্বৰৰ ধৰ্ণা কাৰ্যসূচীত জনগোষ্ঠীটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে সংগঠনটোৱে।
বঙাইগাঁও জিলাৰ পৰা সঞ্জীৱ অধিকাৰীৰ ৰিপ’ৰ্ট
News Desk | People’s TV




