ASSAM

লখিমপুৰত দ্বিতীয়টো উচ্ছেদ অভিযানৰ প্ৰস্তুতি :প্ৰায় ৪৫০টা পৰিয়াললৈ প্ৰশাসনৰ জাননী

ৰাজ্যিক • লখিমপুৰ •১০ নৱেম্বৰ ২০২৬

LAKHIMPUR-SECOND-EVICTION-DRIVE-NOTICE-450-FAMILIES

লখিমপুৰত পুনৰ উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে।

জিলাখনৰ বিভিন্ন অঞ্চলত বেদখল কৰি থকা ভূমি উচ্ছেদৰ বাবে প্ৰায় ৪৫০টা পৰিয়াললৈ প্ৰশাসনে জাননী জাৰি কৰিছে। জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে ইতিমধ্যে উক্ত স্থান এৰি যাবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ৰঙানদীৰ ভৰলুৱা সংৰক্ষিত গ্ৰেজিং ভূমিত বসবাস কৰি থকা পৰিয়ালসমূহলৈ প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে। ইয়াৰ উপৰি বগীনদীৰ ১৩০টা পৰিয়াললৈও উচ্ছেদৰ জাননী জাৰি কৰা হৈছে।

কেৱল ভৰলুৱা আৰু বগীনদীয়েই নহয়, কয়লামাৰী, ৰঙাজান আৰু বৰবিল অঞ্চলতো উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে প্ৰশাসনে।

জাননী লাভৰ পাছতে একাংশ পৰিয়ালৰ স্থান ত্যাগ

প্ৰায় ৪৫০টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছতে বেদখল কৰি থকা ভূমিত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। একাংশ পৰিয়ালে প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতে নিজৰ ঘৰ-দুৱাৰ এৰি যাবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে, লখিমপুৰত ইয়াৰ পূৰ্বেও উচ্ছেদ অভিযান চলোৱা হৈছিল। এইবাৰ জিলাখনত দ্বিতীয়টো উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসনে প্ৰস্তুতি চলাইছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button