পথ দুৰ্ঘটনা প্ৰতিৰোধ আৰু যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্যিক • গুৱাহাটী • ১৭ নৱেম্বৰ ২০২৬
অসমত প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৩ হাজাৰৰো অধিক লোকে
অসমত পথ দুৰ্ঘটনাৰ ভয়াৱহ ছবিয়ে পুনৰ উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক।
বিগত পাঁচ বছৰত ৰাজ্যখনত প্ৰতি বছৰে গড়ে ৩ হাজাৰৰো অধিক লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ২০২৫ চনত অসমত সংঘটিত ১৬,০২৬টা পথ দুৰ্ঘটনাত প্ৰায় ৪,০০০ লোকে প্ৰাণ হেৰুৱাইছিল। আনহাতে, ২০২৪ চনত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৩,৩৫১জন লোকৰ। ২০২৩ চনত ৩,২৯৬জন, ২০২২ চনত ২,৯৯৪জন আৰু ২০২১ চনত ৩,০৩৬জন লোকৰ মৃত্যু হৈছিল পথ দুৰ্ঘটনাত।
চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাই মাহলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ৯,৭৫৮টা পথ দুৰ্ঘটনাত প্ৰায় ১,৬০০জন লোকৰ মৃত্যু হৈছে। এই পৰিসংখ্যাই ৰাজ্যখনত পথ সুৰক্ষাৰ প্ৰয়োজনীয়তাক পুনৰবাৰ স্পষ্ট কৰি তুলিছে।
বিশেষকৈ , যোৱা ১৩ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গোলাঘাট জিলাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। যাত্ৰীৰে অত্যধিকভাৱে ভৰ্তি এখন মিনিবাছৰ সৈতে এখন কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ২৬জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল আন কেইবাজনো।
এই ঘটনাৰ পাছতে পথ দুৰ্ঘটনা প্ৰতিৰোধ আৰু যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ১২ দফীয়া বিশেষ কাৰ্যপন্থা প্ৰস্তুত কৰিছে দিছপুৰে। এই কাৰ্যপন্থা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই কাৰ্যপন্থাৰ অধীনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জিলা পৰ্যায়ৰ পথ সুৰক্ষা টাস্ক ফ’ৰ্চসমূহ সক্ৰিয় কৰা হ’ব। সকলো বাণিজ্যিক বাহনত স্পীড লিমিটিং ডিভাইচ সংস্থাপন বাধ্যতামূলক কৰাৰ লগতে এই যন্ত্ৰৰ সৈতে কোনো ধৰণৰ হস্তক্ষেপ বা কাৰচাজি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইয়াৰ উপৰি বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজালৈকে বিশেষ তালাচী অভিযান চলোৱা হ’ব। এই সময়ছোৱাত অত্যধিক গতিত বাহন চলোৱা, বেপৰোৱাভাৱে গাড়ী চলোৱা আৰু সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ৰাজ্যৰ দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি তাত পথচাৰী পাৰ হোৱাৰ ব্যৱস্থা, যান-বাহনৰ সংকেত, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আৰু মেৰামতিৰ প্ৰয়োজনীয়তা থকা পথ বিভাজকসমূহ উন্নত কৰাৰো সিদ্ধান্ত লোৱা হৈছে। লগতে চালকৰ দক্ষতা সঠিকভাৱে মূল্যায়ন কৰাৰ লক্ষ্যৰে ড্ৰাইভিং লাইচেন্স প্ৰদানৰ পৰীক্ষা অধিক কঠোৰ কৰা হ’ব।
ইফালে, কাজিৰঙাৰ পথ দুৰ্ঘটনাৰ পাছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত গোলাঘাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ছয়গৰাকী বিষয়াক নিলম্বন কৰা হৈছে।
নিলম্বিত বিষয়াকেইগৰাকী হৈছে জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগু, সহকাৰী যান- বাহন পৰিদৰ্শক বিষয়া ৰাজীৱ গগৈ, টুটু দত্ত, সুদীপ্ত অনুৰাগ বৰা, দুষ্যন্ত মাধৱ বৰুৱা আৰু বিশ্বজ্যোতি সন্দিকৈ।
উল্লেখ্য যে, বাণিজ্যিক বাহনৰ সঠিক নিৰীক্ষণ আৰু তদাৰকীৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলৰ গাফিলতিক কাজিৰঙাৰ দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে আঙুলিয়াই দিয়া হৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু দায়িত্ব নিৰ্ধাৰণৰ বাবে অতিৰিক্ত মুখ্য সচিব কে চি সামৰিয়াৰ নেতৃত্বত এক তথ্যভিত্তিক তদন্তও আৰম্ভ কৰা হৈছে। অহা দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰি কৰ্তব্যত গাফিলতি আৰু অনিয়মৰ বাবে দায়ীসকলৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।
এতিয়া প্ৰশ্ন হৈছে, চৰকাৰৰ এই ১২ দফীয়া কাৰ্যপন্থাই ৰাজ্যৰ পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাত কিমানদূৰ সফল হয়?
নে সজাগতা, কঠোৰ আইন প্ৰয়োগ আৰু দায়িত্বশীল যান-বাহন ব্যৱস্থাপনাৰ অভাৱত প্ৰতিবছৰে এনেদৰেই প্ৰাণ হেৰুৱাই থাকিব লাগিব নিৰীহ পথচাৰীয়ে?
News Desk | People’s TV




