ASSAM

অসমত ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ কাম, ১ মাৰ্চক ধৰা হ’ব গণনাৰ ভিত্তি তাৰিখ

ৰাজ্যিক • গুৱাহাটী • ১৭ নৱেম্বৰ ২০২৬

CENSUS 2027 – ASSAM RE-NOTIFIES PHASE II

• অসমত পুনৰ অধিসূচনা লোকপিয়ল ২০২৭ৰ দ্বিতীয় পৰ্যায়ৰ
•
২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিব জনসংখ্যা গণনা
•
১ মাৰ্চ, ২০২৭ক লোকপিয়লৰ ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ
•
১০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ আত্মগণনাৰ সুবিধা
•
দ্বিতীয় পৰ্যায়ত প্ৰতিটো পৰিয়ালক সোধা হ’ব ৪০টা প্ৰশ্ন
•
প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতত সকলো সম্প্ৰদায়ৰ জাতিভিত্তিক গণনা
•
লোকপিয়লৰ প্ৰশিক্ষণৰ বাবে সাজু ৬৬গৰাকী মাষ্টাৰ ট্ৰেইনাৰ

অসমত ২০২৭ চনৰ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ বাবে পুনৰ অধিসূচনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। এই পৰ্যায়ত ঘৰে ঘৰে গৈ জনসংখ্যা গণনাৰ কাম সম্পন্ন কৰা হ’ব। অহা ২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৭লৈ চলিব এই গণনা প্ৰক্ৰিয়া। আনহাতে, ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চলিব পুনৰীক্ষণৰ কাম।

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে (GAD) ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্তৰ ৩০ অক্টোবৰৰ অধিসূচনাৰ ভিত্তিত এই পুনৰ অধিসূচনা জাৰি কৰিছে।

মুখ্য সচিব ৰবি কোটাই স্বাক্ষৰ কৰা অধিসূচনা অনুসৰি, ২০২৭ চনৰ ১ মাৰ্চৰ নিশা ১২ বজাক লোকপিয়লৰ ভিত্তি সময় (Reference Date) হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখ্য যে, ঘৰে ঘৰে গৈ লোকপিয়লৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে ১০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰী, ২০২৭লৈ আত্মগণনা (Self-Enumeration)ৰ সুবিধা লাভ কৰিব জনসাধাৰণে। ইয়াৰ জৰিয়তে নাগৰিকে নিজেই নিজৰ পৰিয়ালৰ তথ্য প্ৰদান কৰিব পাৰিব।

লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত জনসাধাৰণৰ জনতাত্ত্বিক, আৰ্থ-সামাজিক, শৈক্ষিক, প্ৰব্ৰজন সম্পৰ্কীয় তথ্যৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ বিভিন্ন দিশ সামৰি তথ্য সংগ্ৰহ কৰা হ’ব। বিশেষভাৱে, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে সকলো সম্প্ৰদায়ক সামৰি বিস্তৃতভাৱে জাতিভিত্তিক লোকপিয়ল (Caste Enumeration) সম্পন্ন কৰাৰ বিষয়টো এই পৰ্যায়ৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত প্ৰতিটো পৰিয়ালক মুঠ ৪০টা প্ৰশ্ন সোধা হ’ব।

ইতিমধ্যে ,অসমত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহগণনাৰ কাম সম্পন্ন হৈছে। এতিয়া দ্বিতীয় পৰ্যায়ৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে প্ৰশাসনে।

ইয়াৰ অংশ হিচাপে ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীত মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই চাৰিদিনীয়া প্ৰশিক্ষণত বিভিন্ন জিলাৰ ৫০গৰাকী বিষয়া আৰু লোকপিয়ল সঞ্চালকালয়ৰ ১৬গৰাকী বিষয়াকে ধৰি মুঠ ৬৬গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

প্ৰশিক্ষণ কাৰ্যসূচী দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব। পৰৱৰ্তী সময়ত এই প্ৰশিক্ষিত মাষ্টাৰ ট্ৰেইনাৰসকলে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব, যাতে ৰাজ্যজুৰি লোকপিয়লৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অসমৰ লোকপিয়ল সঞ্চালক তথা মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিৎ পেগু উপস্থিত থকাৰ কথা।

লোকপিয়ল ২০২৭ৰ দ্বিতীয় পৰ্যায়ক লৈ ৰাজ্যজুৰি প্ৰস্তুতি আৰম্ভ হোৱাৰ সময়তে জনসাধাৰণৰ সঠিক তথ্য সংগ্ৰহ আৰু এই বৃহৎ প্ৰক্ৰিয়াৰ সফল ৰূপায়ণৰ দিশত প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button