ASSAM

গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ মূৰ্তি উন্মোচন :১৩ জানুৱাৰীত পালন কৰা হ’ব ‘ৰাজীৱ শদিয়া দিৱস’

ৰাজ্যিক •শদিয়া • ১৪ নৱেম্বৰ • ২০২৬

গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ মূৰ্তি উন্মোচন; ১৩ জানুৱাৰীত পালন কৰা হ’ব ‘ৰাজীৱ শদিয়া দিৱস’

স্থান: শদিয়া ৰাজহুৱা খেলপথাৰ, চপাখোৱা
তাৰিখ: ১৪ নৱেম্বৰ, ২০২৬

গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে শদিয়াত উন্মোচন কৰা হ’ল শিল্পীগৰাকীৰ এটি আৱক্ষ মূৰ্তি। শনিবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চপাখোৱাৰ শদিয়া ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হয় এই বিশেষ উন্মোচনী অনুষ্ঠান।

আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। অনুষ্ঠানতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি আছুৰ সভাপতিগৰাকীয়ে প্ৰতি বছৰে ১৩ জানুৱাৰীৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই ‘ৰাজীৱ শদিয়া দিৱস’ হিচাপে পালন কৰিব বুলি জানিবলৈ দিয়ে।

এই অনুষ্ঠানত শদিয়াৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি, বিশিষ্ট নাগৰিকৰ লগতে উপস্থিত থাকে প্ৰয়াত গণশিল্পীগৰাকীৰ পত্নী উপাসনা বকলীয়াল গগৈ, পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকল।

উল্লেখ্য যে, অসমীয়া সংগীত জগতলৈ গণশিল্পী ৰাজীৱ শদিয়াই আগবঢ়োৱা অৱদান আৰু তেওঁৰ সৃষ্টিৰাজীক স্মৰণ কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ মাজত শিল্পীগৰাকীৰ স্মৃতি জীয়াই ৰখাৰ এক প্ৰয়াস হিচাপে বিবেচিত হৈছে এই পদক্ষেপ।

আৱক্ষ মূৰ্তি উন্মোচন আৰু ‘ৰাজীৱ শদিয়া দিৱস’ পালনৰ এই ঘোষণাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ এক বিশেষ নিদৰ্শন দাঙি ধৰিছে।

ছৈখোৱা শদিয়াৰ পৰা অতুল ভুমিজৰ ৰিপ’ৰ্ট।

সংবাদকৰ্মী

News Desk | People’s TV

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button