ASSAM

জুবিন গাৰ্গৰ ছবি আঁকিবলৈ আহি আটক শিল্পী মাৰ্চেল বৰুৱা : গণেশগুৰিত আৰক্ষীৰ অভিযানক লৈ সৃষ্টি প্ৰতিক্ৰিয়া

ৰাজ্যিক • গুৱাহাটী • ১৮ নৱেম্বৰ ২০২৬

জুবিন গাৰ্গৰ ছবি আঁকিবলৈ আহি আটক শিল্পী মাৰ্চেল বৰুৱা

গণেশগুৰিত আৰক্ষীৰ অভিযানক লৈ সৃষ্টি প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই মহানগৰীৰ গণেশগুৰিত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি।

প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবি আঁকি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি আৰক্ষীৰ হাতত আটক হ’বলগীয়া হ’ল শিল্পী মাৰ্চেল বৰুৱা। কেৱল মাৰ্চেল বৰুৱাই নহয়, তেওঁৰ সৈতে অহা এগৰাকী সতীৰ্থকো আটক কৰে আৰক্ষীয়ে।

বুধবাৰে পুৱাৰ ভাগতে গণেশগুৰি উৰণসেঁতুত উপস্থিত হৈছিল মাৰ্চেল বৰুৱা। উদ্দেশ্য আছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি অংকন কৰি জন্মদিনত শ্ৰদ্ধাঞ্জলি জনোৱা। কিন্তু ছবি অংকনৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। তাৰ পাছতে আৰক্ষীয়ে মাৰ্চেল বৰুৱাক আটক কৰি লৈ যায়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, আৰক্ষীয়ে তেওঁক টানি-আজুৰি লৈ যোৱা পৰিস্থিতিৰো সৃষ্টি হয়।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই গণেশগুৰি উৰণসেঁতুৰ তলত শিল্পীগৰাকীৰ এখন প্ৰতিচ্ছবি অংকন কৰিছিল মাৰ্চেল বৰুৱাই। কিন্তু মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ নামত পৰৱৰ্তী সময়ত সেই প্ৰতিচ্ছবিখন মচি পেলোৱা হৈছিল। তাৰ পাছৰে পৰা পুনৰ জুবিনৰ প্ৰতিচ্ছবিখন অংকন কৰি সম্পূৰ্ণ কৰাৰ চেষ্টা চলাই আহিছিল শিল্পীগৰাকীয়ে।

এই সন্দৰ্ভত মাৰ্চেলে মুখ্যমন্ত্ৰীলৈ এখন মুকলি পত্ৰও লিখিছিল। ১৬ নৱেম্বৰত লিখা পত্ৰখনৰ জৰিয়তে জুবিনৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ প্ৰশাসনৰ সহযোগিতা বিচাৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু জন্মদিনৰ দিনাই পুনৰ আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হ’ল শিল্পীগৰাকী।

আনহাতে, প্ৰতিচ্ছবি অংকনৰ বাবে প্ৰয়োজনীয় বাঁহ আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা বাহনখনো আৰক্ষীয়ে জব্দ কৰা বুলি প্ৰকাশ পাইছে।

জুবিন গাৰ্গৰ জন্মদিনত প্ৰিয় শিল্পীগৰাকীক ৰঙেৰে সজাই তুলিবলৈ আগবঢ়া এজন শিল্পীৰ এই পৰিস্থিতিয়ে স্বাভাৱিকতেই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। অৱশ্যে মাৰ্চেল বৰুৱা আৰু তেওঁৰ সতীৰ্থক আটক কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য এতিয়াও স্পষ্ট হোৱা নাই।

জুবিনৰ স্মৃতিক শিল্পৰ মাজেৰে জীয়াই ৰখাৰ এই প্ৰচেষ্টাক লৈ এতিয়া মহানগৰীত চৰ্চা অব্যাহত আছে।

News Desk | People’s TV

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button