জাগীৰোডৰ নেলীত চোৰাং গৰু-মহ সৰবৰাহৰ চেষ্টা বিফল; দুখন ট্ৰাক জব্দ, পলাল আন তিনিখন

ৰাজ্যিক • নেলী, জাগীৰোড •১৫ নৱেম্বৰ ২০২৬
জাগীৰোডৰ নেলীত চোৰাং গৰু-মহ সৰবৰাহৰ চেষ্টা বিফল; দুখন ট্ৰাক জব্দ, পলাল আন তিনিখন
ট্ৰাকখনৰ নম্বৰ AS-01-QC-8346। আনহাতে, প্ৰায় ২২টা মহ কঢ়িয়াই অনা আন এখন ট্ৰাকো আৰক্ষীয়ে জব্দ কৰে। মহভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-27-C-6564।
জাগীৰোডৰ নেলীত চোৰাংকৈ গৰু আৰু মহ সৰবৰাহৰ চেষ্টা। স্থানীয় লোক আৰু জাগীৰোড আৰক্ষীৰ সহযোগত গৰু আৰু মহভৰ্তি দুখন ট্ৰাক জব্দ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, জব্দ কৰা এখন ট্ৰাকত প্ৰায় ৩২টা গৰু আছিল। ট্ৰাকখনৰ নম্বৰ AS-01-QC-8346। আনহাতে, প্ৰায় ২২টা মহ কঢ়িয়াই অনা আন এখন ট্ৰাকো আৰক্ষীয়ে জব্দ কৰে। মহভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-27-C-6564।
জানিব পৰা মতে, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাককেইখনত গৰু আৰু মহসমূহ কঢ়িয়াই অনা হৈছিল। পৰৱৰ্তী সময়ত এইসমূহ মেঘালয়লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে, ঘটনাস্থলীৰ পৰা আন তিনিখন ট্ৰাকে পলায়ন কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত স্থানীয় এজন যুৱকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
জাগীৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ প্ৰতিবেদন।
সংবাদকৰ্মী
News Desk | People’s TV




